৭০ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৫ 

৭০ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৫ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, গুৱাহাটী ক্রীড়া সন্থা আৰু জিলা ক্রীড়া সন্থাৰ উদ্যোগত মহানগৰীৰ জৰ্জ খেল পথাৰত NEUFC বনাম NF RAILWAYৰ মাজত ফাইনেল খেলৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়৷ফাইনেল খেলখন উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷৩৪খনকৈ জিলাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাৰ খেল সমূহ৷ দেৱজিত লন শইকীয়া কয় যে এইবাৰ বৰদলৈ ট্ৰফীত ২৮৫ টা দলে অংশ লৈছিল৷ দৰ্শকৰ সংখ্যাও যথেষ্ট আশাপ্ৰদ৷প্ৰতিখন খেল প্ৰায় পাঁচ হাজাৰ দৰ্শকে উপভোগ কৰিছে৷এয়া ফুটবলৰ বাবে ভাল খবৰ৷ডুবাইত BCCIৰ সঞ্চালক হিচাপে উপস্থিত আছিলো৷এয়া মোৰ বাবে গৌৰৱৰ বিষয়৷তেওঁ পুনৰ কয় যে গুৱাহাটীত দুখন হাইভল্টেজ খেল অনুষ্ঠিত হ’ব৷দুয়োখন খেল ব্যৱসায়ীকভাৱে সফল হ’ব পৰা খেল হ’ব৷আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম৷উপস্থিত থাকে কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া সহ কেবাজনো বিশিষ্ট ব্যক্তি৷