৪ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত উপ-নিৰ্বাচন সমাগত। ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে দলটোৰ প্ৰাৰ্থী তালিকা। দেওবাৰে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বিহালীক বাদ দি অসমৰ ৪ বিধানসভা সমষ্টিৰ বাবে কংগ্রেছে প্রার্থী তালিকা প্রকাশ কৰে। সেই অনুসৰি ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, চিদলীত সঞ্জীৱ ৱাৰী, বঙাইগাঁৱত ব্রজেনজিৎ সিংহ আৰু চামগুৰিত তানজিল হুছেইনক কংগ্ৰেছৰ প্রার্থিত্ব দিয়া হৈছে। কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ অনুমোদনমর্মে এক বিজ্ঞপ্তিযোগে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই কথা প্ৰকাশ কৰিছে। বিহালী সমষ্টিৰ ক্ষেত্ৰত এতিয়ালৈ কংগ্রেছে কোনো প্রার্থী প্রক্ষেপ কৰা নাই। এই সন্দর্ভত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে আমি ইতিমধ্যে ৪টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিম বুলি প্রকাশ কৰিছিলোঁ আৰু সেই অনুসৰি এআইচিচিয়ে ৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। বিহালীৰ আসনখনৰ ক্ষেত্ৰত চিপিআই (এমএল) দলেও প্রার্থিত্ব বিচাৰি আছে। ইয়াৰ বাবে আমি ইতিমধ্যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, অজিত কুমাৰ ভূঞা, সুপ্রকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰক লৈ এখন কমিটী গঠন কৰি দিছোঁ। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে বিহালী সন্দর্ভত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ সৈতে কথা-বতৰা পাতিব। তাৰ পাছতেই বিহালী সম্পর্কত দলে সিদ্ধান্ত গ্রহণ কৰিব।