৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ নিৰ্বাচিত অসমৰ ২০ কালাৰিপায়াট্টু খেলুৱৈ

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ নিৰ্বাচিত অসমৰ ২০ কালাৰিপায়াট্টু খেলুৱৈ

ৰাষ্ট্ৰীয় কালাৰিপায়াট্টু প্ৰতিযোগিতাত ১৩টা পদকৰে দ্বিতীয় স্থান অসমৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডত হ’বলগীয়া ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে অসমৰ ২০ জন কালাৰিপায়াট্টু খেলুৱৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। ৯-১১ আগষ্টত কেৰালাত অনুষ্ঠিত ১৬সংখ্যক ৰাষ্ট্ৰীয় কালাৰিপায়াট্টু প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত এই খেলুৱৈসকলক দেশৰ সৰ্বোচ্ছ ক্ৰীড়া প্ৰতিযোগিতা- ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ বাচনি কৰা হৈছে। ১৬সংখ্যক ৰাষ্ট্ৰীয় কালাৰিপায়াট্টু প্ৰতিযোগিতাত অসমে এটা সোণ, ৬টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৩টা পদক লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। ইয়াৰে পৰাগজ্যোতি ডেকা, আছিকুৰ ৰহমান, আকিবাৰ চাংমা, ইমৰাণ আলী, মনজয় চেত্ৰী, ৰাহুল ঘৰছানে, ছৰফৰাজ আলী আৰু ৰিকি খাৰকাই ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ বাচনি লাভ কৰিছে। আনহাতে, ৰেংকিঙৰ ভিত্তিত আন ১২জন খেলুৱৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ বাচনি লাভ কৰিছে।