৩০ জানুৱাৰীত শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি ২ মিনিটৰ  মৌনতা পালন কৰা হ’ব 

Pc Naidunia

৩০ জানুৱাৰীত শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি ২ মিনিটৰ  মৌনতা পালন কৰা হ’ব 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-   দেশৰ স্বাধীনতাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতিত প্ৰতিবছৰে পালন কৰি অহা শ্বহীদ দিৱস কাইলৈ অৰ্থাৎ ৩০ জানুৱাৰীৰ দিনটোত ৰাজ্যজুৰি উদযাপন কৰা হ’ব। এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কাইলৈ পুৱা ১১.০০ বজাৰ পৰা ১১.০২ বজালৈ ২মিনিটৰ মৌনতা পালন কৰা হ’ব। এই মিনিটৰ মৌনতা কাৰ্যসূচীৰ আৰম্ভণিৰ সংকেতৰূপে প্ৰথমে পুৱা ১০.৫৯ বজাৰ পৰা ১১.০০ বজালৈ ছাইৰেণ বজোৱা হ’ব। ১১ বজাৰ লগে লগে সকলোৱে নিজ নিজ স্থানতে ৰৈ তথা পথত চলাচল কৰা সকলো যান-বাহনৰ গৰাকীয়ে নিজ নিজ বাহন ৰখাই ২ মিনিটৰ বাবে মৌনতা পালন কৰিব। ২ মিনিটৰ অন্ত পৰাৰ লগে লগে ১১.০২ বজাৰ পৰা ১১.০৩ বজালৈকে পুনৰ ছাইৰেণ বজাই কাৰ্যসূচীৰ অন্ত পেলোৱা হ’ব ।