২ অক্টোবৰৰ পূৰ্বে বন্ধ হ’ব দালালৰাজ

pc Free Prees Journal

২ অক্টোবৰৰ পূৰ্বে বন্ধ হ’ব দালালৰাজ

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা অভিযানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত এতিয়ালৈ ৫২০জনৰো অধিক দালাল আৰক্ষীৰ জালত পৰিছে। বহু মণ্ডল, ৰাজহ চক্ৰ বিষয়া, এছ. ডি. অ’., ডাঙৰ পদবীত থকা বিষয়াৰ নামো পোহৰলৈ আহিছে ধৃত দালালসকলৰ স্বীকাৰোক্তিত। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই এই কথা প্ৰকাশ কৰে যে অহা ২ অক্টোবৰৰ পৰা ৰাজ্যখনত আৰম্ভ হ’ব মিছন বসুন্ধৰাৰ কাম। চৰকাৰে মাটিৰ নামজাৰি, উত্তৰাধিকাৰীৰ কাম অহা বছৰ ১০ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰিব। ইয়াৰ বাবে প’ৰ্টেলো মুকলি কৰিব চৰকাৰে। জনসাধাৰণে এই প’ৰ্টেলযোগে বা আবেদনযোগে সেই কাম কৰাৰ সুযোগ লাভ কৰিব। দুই লাখতকৈও ওপৰত আবেদন আহিব। সেয়ে চৰকাৰে অহা ২ অক্টোবৰৰ পৰা কোনো চক্ৰ বিষয়াৰ কাৰ্যালয়ত যাতে দালালৰাজ নচলে, দালাল যাব নোৱাৰে, তাৰ বাবে অভিযান চলাইছে। মিছন বসুন্ধৰাৰ সময়ত জনসাধাৰণে ভিডিঅ’ কল কৰিও মাটি বেচা-কিনা কৰিব পাৰিব।

(UD.)