২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্রাম্পে

২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্রাম্পে

ৰঙিলী বাৰ্ত্তাসেৱা- ২০ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্রাম্পে শপত গ্ৰহণ কৰিব। এই শপত গ্রহণ অনুষ্ঠানত ড’নাল্ড ট্রাম্পে ৪০ বছৰীয়া অভিলেখ ভংগ কৰিব। কেপিটল হিল্ল্‌ল্ভৰ বিপৰীতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কেপিটল ৰটুণ্ডাৰ ভিতৰত শপত গ্রহণ কাৰ্যসূচীত ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব। উল্লেখনীয় যে ১৯৮৫ চনত ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগনে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা কাৰ্যসূচী কেপিটল ৰটুণ্ডালৈ স্থানান্তৰিত কৰা হৈছিল। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠান ড’নাল্ড ট্রাম্পেও কেপিটল ৰটুণ্ডাত কৰিব। এই শপত গ্রহণ অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেন, কংগ্ৰেছৰ প্ৰতিনিধি, বিশিষ্ট অতিথি, প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, প্রাক্তন ৰাষ্ট্ৰপতি জর্জ ডব্লিউ বুশ্ব, প্রাক্তন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ লগতে প্রাক্তন ফার্স্টলেডী লৌৰা বুশ্ব আৰু হিলাৰী ক্লিন্টনো উপস্থিত থাকিব। ২০ জানুৱাৰী, সোমবাৰে দিনৰ ১২ বজাত ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্রাম্পে শপত গ্ৰহণ কৰাৰ সমান্তৰালকৈ জেডি ভালে উপ- ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ইতিপূর্বে এই শপত গ্ৰহণৰ কাৰ্যসূচী পূর্ণ প্রস্তুতিত চলিছে আৰু নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।