২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰ্য্যালোচনা বৈঠক

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰ্য্যালোচনা বৈঠক

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা– সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা আৰু ৯০ শতাংশৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত জিলাখনৰ আটাইকেইখন চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী তথা অধ্যক্ষসকলৰ উপস্থিতিত সদ্যঘোষিত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰদৰ্শন কৰা ফলাফল সন্দৰ্ভত এখনি গুৰূত্বপূৰ্ণ পৰ্য্যালোচনা সভা ২-৫-২৪ তাৰিখে জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। এই পৰ্য্যালোচনা সভাত সদ্যঘোষিত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ জৰিয়তে জিলাখনৰ নাম উজ্বলাবলৈ সক্ষম হোৱা ২১ খন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ক প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ লগতে ৯০ শতাংশৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ জৰিয়তে জিলাখনলৈ সুনাম কঢ়িয়াই অনা ৩১ খন চৰকাৰী আৰুশপ্ৰাদেশীকৃত বিদ্যালয়ক ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। আনহাতে এই সভাতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নতমানৰ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যক্ষসকলৰ সৈতেও জিলা আয়ুক্তই বিতংভাৱে পৰ্য্যালোচনা কৰে। ইয়াৰোপৰি যি সমূহ বিদ্যালয়ে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে সেই বিদ্যালয় কেইখনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তোৰণৰ লগতে বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বিতংভাবে বুজ লয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে উপস্থিত সকলো প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যক্ষসকলক উদ্দেশ্যি কয় যে, গুণগত শিক্ষাই হৈছে এখন সুষ্ঠ আৰু সবল সমাজৰ ভেঁটি গঢ়াৰ মূল আহিলা। দেশ তথা সমাজৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰে একো একোজন সুদক্ষ নাগৰিক হিচাপে গঢ়ি তোলাৰ গধুৰ দায়িত্বও শিক্ষক-শিক্ষয়িত্ৰী সকলেই পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য আগবঢ়ায়। আনাগত দিনত দেশ তথা সমাজৰ পৰিকাঠামো সবল কৰাত আজিৰ প্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি জিলা আয়ুক্তই কোনো কাৰণতেই যাতে ছাত্ৰ-ছাত্ৰীসকল গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে আহোপুৰুষাৰ্থ কৰিব লাগিব বুলিও কয়। আনহাতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসমূহ বিদ্যালয়ে উন্নতমানৰ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে সেই বিদ্যালয়কেইখনে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তোৰণৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই আঁত ধৰা এই সভাত অতিৰিক্ত আয়ুক্ত (শিক্ষা) সংঘমিত্ৰা বৰুৱা, জিলা অধিবিদ্যা পৰিষদৰ সভাপতি আৰু সম্পাদক ক্ৰমে মোহনলাল উপাধ্যায় আৰু একলব্য সোনোৱাল প্ৰমুখ্যে জিলা শিক্ষা বিভাগৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।