২০২৩ৰ বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰিলে নাগালেণ্ডে
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৩ৰ বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰিলে নাগালেণ্ডে। প্ৰথমবাৰলৈ ৰাজ্যখনত বিধানসভালৈ নিৰ্বাচিত হ’ল মহিলা । নাগালেণ্ড গঠন হোৱাৰ পিছৰে পৰা আজিলৈ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা নাছিল এগৰাকীও মহিলা প্ৰাৰ্থী। কিন্তু এইবাৰৰ নিৰ্বাচনত ভংগ হ’ল সেই ৬০ বছৰীয়া পৰম্পৰা। আজি ঘোষণা কৰা নাগালেণ্ড বিধান সভাৰ নিৰ্বাচনত দুগৰাকী মহিলা প্ৰতিনিধিয়ে ইতিমধ্যে জয় লাভ কৰিছে। নাগালেণ্ডত এনডিপিপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা মহিলা প্ৰাৰ্থী হোৱা দুগৰাকী হৈছে – হেকানি জাখালু আৰু ছালহাউটুনুও ক্ৰুছ। হেকানি জাখালুৱে তৃতীয় ডিমাপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পশ্চিম আংগামী সমষ্টিৰ পৰা জয়লাভ কৰিছে ছালহাউটুনুও ক্ৰুছে। দুয়োগৰাকী মহিলা নেত্ৰী হ’ব নাগালেণ্ডৰ ৰাজনীতিৰ ইতিহাসৰ প্ৰথম মহিলা বিধায়ক। হেকানী জাখালু হৈছে নাগালেণ্ডৰ এগৰাকী অধিবক্তা আৰু সমাজকৰ্মী। নাগালেণ্ডৰ যুৱক–যুৱতীসকলে ব্যৱসায়িক সুযোগ লাভ কৰাত সহায়ক হোৱাকৈ ‘ইউথনেট নাগালেণ্ড’ নামৰ এটা এন জি অ’ প্ৰতিষ্ঠা কৰিছিল হেকানী জাখালুৱে। ২০১৮ চনত ‘নাৰী শক্তি পুৰস্কাৰ’ স্বীকৃতি লাভ কৰিছিল জাখালুৱে। হেকানী জখালুৰ জন্ম হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। তেওঁ বেংগালুৰুৰ বিচপ কটন গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰি দিল্লীৰ লেডী শ্ৰী ৰাম কলেজত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছান ফ্ৰান্সিস্কো বিশ্ববিদ্যালয়ত আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে হেকানী জাখালুৱে।