২০২৪ত অসমত ১৩৯.৩ শতাংশলৈ হ্রাস অপৰাধৰ হাৰঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২১ চনৰ তুলনাত যোৱা তিনিটা বছৰত গোচৰ পঞ্জীয়নৰ হাৰ উল্লেখনীয়ভাবে হ্রাস পোৱাৰ বিপৰীতে চার্জশীট দাখিলৰ হাৰ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত প্রতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধ আছিল ১,৩৩,২৩৯। ২০২৩ চনত এই হাৰ ৫০.৯১ শতাংশ হ্রাস পাই হয়গৈ ৬৫,৩৯৫। চলিত ২০২৪ বৰ্ষৰ জুন মাহপর্যন্ত অপৰাধৰ হাৰ ২০২১ চনৰ তুলনাত ১৩৯.৩ শতাংশলৈ হ্রাস পায়। ২০২১ চনত ৰাজ্যখনত অপৰাধৰ হাৰ আছিল ৩৮০.২ শতাংশ। সেইদৰে ২০২১ চনত ৰুজু হোৱা গোচৰৰ বিপৰীতে চার্জশীট দাখিলৰ হাৰ আছিল ৩৯.৪০ শতাংশ। ২০২৩ চনত সেই হাৰ ৫০.২২ শতাংশলৈ বৃদ্ধি পায়। চলিত ২০২৪ চনৰ জুন মাহপর্যন্ত ৬৩ শতাংশৰো অধিক গোচৰৰ চাৰ্জশীট দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবেই ৰাজ্যখনত এতিয়া অপৰাধৰ হাৰ হ্ৰাস পোৱাৰ লগতে ৰুজু হোৱা গোচৰৰ বিপৰীতে চার্জশীট দাখিলৰ হাৰ বৃদ্ধি পাইছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বৰ্তমানৰ চৰকাৰখন দায়বদ্ধ।