১৮ ডিচেম্বৰত ৰাজভৱন কঁপাব কংগ্ৰেছে
ৰঙিলী বাৰ্ত্তাসেৱা- গৌতম আদানি এণ্ড কোম্পানীয়ে সমগ্ৰ বিশ্বৰ ওচৰত দেশবাসীক লজ্জানত কৰাৰ পিছতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এনডিএ চৰকাৰে আদানিৰ বিৰুদ্ধে কোনো তদন্ত আৰু আইনগত ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোৱে বিজেপি চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় দিয়াতো প্ৰমাণিত কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ অহা ১৮ ডিচেম্বৰত সমগ্ৰ দেশত কংগ্ৰেছে জনজাগৰণ সৃষ্টি কৰিব। অকল আদানিৰ বিৰুদ্ধেই নহয়, বিগত সময়ছোৱাত মণিপুৰৰ দৰে এখন ৰাজ্যৰ হিংসাৰ দাবানল নিয়ন্ত্ৰণ কৰিব নোৱৰা চৰকাৰখনে ভৎৰ্সনা কৰিবৰ বাবে ৰাইজলৈ আহ্বান জনাব কংগ্ৰেছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে. চি. বেণুগোপালে দিয়া নিৰ্দেশৰ ওপৰত ভিত্তি কৰি অসম প্ৰদেশ কংগ্ৰেছে অহা ১৮ ডিচেম্বৰ, বুধবাৰে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাজভৱন চলো যাত্ৰা কৰিব। এই বিষয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিস্তৃতভাৱে আলোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। সভাপতি বৰাই আজি জিলা কংগ্ৰেছৰ সভাপতিসকলক লৈ এখন বৈঠক পুৱাৰ ভাগত অনুষ্ঠিত কৰে আৰু জিলা কংগ্ৰেছৰ সভাপতিসকলক এই কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায়। ইফালে, আজি ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি আৰু নেতৃবৃন্দৰ লগতে ৰাজ্যখনৰ উজনি, নামনি, মধ্য অসম আৰু বৰাক উপত্যকাৰ সাংগঠনিক দিশ পৰ্যালোচনা কৰে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিচালনাত অনুষ্ঠিত দিনযোৰা সাংগঠনিক বৈঠকত মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱাদল আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ নেতৃত্বৰ লগতো আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা চলে। কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ (পলিটিকেল এফেয়াৰ্ছ কমিটি) বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰিব৷