১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচি সফল সামৰণি অসম গ্ৰন্থমেলাৰ

১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচি সফল সামৰণি অসম গ্ৰন্থমেলাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বিপুল আনন্দ আৰু জ্ঞানোৎসৱৰ সফল সামৰণি ঘটাই আজি নিজম পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ ভাষণ প্ৰসংগত তেওঁ কয়—“ প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ ব্যৱস্থাৰ এক উৎকৃষ্ট নিদৰ্শন হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা এই অসম গ্ৰন্থমেলা ৷ হিলদল ভাঙি মানুহ আহিছে গ্ৰন্থমেলালৈ৷ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ সেয়েহে আগন্তুক বৰ্ষত খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে ৷” তেওঁ লেখক-প্ৰকাশকসকলক গ্ৰন্থ সম্পাদনাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই কয়—“কেৱল কাকত -আলোচনীয়ে নহয় ; কিতাপো সম্পাদনা কৰা উচিত ৷ উন্নত দেশত পেছাদাৰী সম্পাদকে কিতাপ সম্পাদনা কৰে ৷ অসমতো এই কাম পেছাদৰীভাৱে কৰা উচিত ৷ বিশ্বৰ দৰবাৰলৈ যাব লাগিলে বিশ্বজনীন দৰ্শন অৰ্জন কৰিব লাগিব ৷ ইয়াৰ বাবে গ্ৰন্থ পঢ়াৰ প্ৰয়োজন আছে ৷ অনুবাদ গ্ৰন্থই এই বাট মুকলি কৰি দিয়ে ৷ এনে দৃষ্টিভংগীৰে অসম প্ৰকাশন পৰিষদে আগন্তুক বৰ্ষৰ পৰা অনুবাদ সাহিত্য বঁটা প্ৰবৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াত প্ৰথম পুৰষ্কাৰত থাকিব ১ লাখ টকা আৰু দ্বিতীয় পুৰষ্কাৰত ৫০হাজাৰ টকা৷” মন্ত্ৰী ডাঃ পেগুৱে লগতে সৃষ্টিশীল লেখাৰ কৰ্মশালা প্ৰকাশন পৰিষদৰ পৰা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি পুনৰ কয়—“বহু কিতাপ দুই-তিনিটা পৃষ্ঠা পঢ়াৰ পাছত আৰু আগুৱাব নোৱাৰি ৷ ইয়াৰ কাৰণ লেখকজনৰ লিখাৰ প্ৰশিক্ষণ নথকাটো ৷ সেয়েহে প্ৰকাশন পৰিষদে পেছাদাৰী আৰু সৃষ্টিশীল লেখাৰ কৰ্মশালা অনুষ্ঠিত কৰিব ৷” তেওঁ প্ৰসংক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পঢ়ে ভাৰত বঢ়ে ভাৰত” আহ্বানৰ বিষয়ে উনুকিয়াই সকলোকে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ কয় ৷ সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে গুৱাহাটীস্থিত বাংলাদেশ চৰকাৰৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“ গ্ৰন্থ মানুহৰ উত্তম বন্ধু ৷ কিতাপ পঢ়িলে মনৰ আন্ধাৰ আতৰি যায় ৷ কিতাপে এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰে ৷ অসম গ্ৰন্থমেলায়ো সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰিছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ এয়া বৰ ভাল লগা কথা ৷ ” আমিনে লগতে কয় যে অসমীয়া আৰু বাংলা ভাষা উভয়ে উভয়ৰ ওচৰ চপা ভাষা ৷ সেয়ে দুয়োটা ভাষাই তেওঁৰ প্ৰিয় ৷ সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে কয় যে অসম গ্ৰন্থমেলা অসমৰ এক পৰিচয়ত পৰিণত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক ক্ষেত্ৰলৈ শুভবাৰ্ত্তা কঢ়িয়াই আনিছে ৷ তেওঁ পুনৰ কয়—“মানুহৰ সুখৰ আধাৰ হৈছে জ্ঞান ৷ এই জ্ঞান পুথিৰ পৰা অৰ্জন কৰিব পাৰি ৷ কিতাপ নোহোৱা সমাজ এখন কল্পনা কৰিবও নোৱাৰি ৷ আজিকালি ডিজেটেল পুথিভঁৰাল হৈছে ৷ ইয়াতো পুথি নিৰ্বাচন কৰি পঢ়িব পাৰি ৷ এয়া ভাল কথা ৷সকলো গ্ৰন্থৰে নিজস্ব প্ৰভাৱ থাকে ৷ কিতাপৰ দ্বাৰা প্ৰভাৱাম্বিত হৈ মানুহে জ্ঞানৰ নতুন পোহৰ বিচাৰি পায় ৷ এই পোহৰত ব্যক্তি-জীৱন আৰু সমাজ-জীৱন উজলি উঠে ৷ ভাষা যিমানে শকিব পাৰি সিমানে ভাল ৷ কাৰণ তেতিয়া বিভিন্ন ভাষাৰ পুথি পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰি ৷”একেদৰে বিশিষ্ট অতিথি, বিশিষ্ট বিজ্ঞানী ড° দীনেশ গোস্বামীয়ে কয় —“নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিব লাগিব ৷ গ্ৰন্থমেলাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক আকৰ্ষণীয় ৰূপ দিছে ৷ গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি অভিভূত হৈছোঁ ৷ কিতাপৰ প্ৰকাশ বৃদ্ধি পোৱাটো আনন্দৰ বিষয় ৷ কিতাপে সদায় নতুন সপোন দেখুয়ায় ৷ এই সপোনে মানুহক আগুৱাই নিয়ে ৷” সভাত বিশিষ্ট অতিথিপৰূপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা ৷ এই অনুষ্ঠানত বাংলাদেশৰ পৰা অহা প্ৰকাশকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সামৰণি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আৰু শলাগৰ শৰাই আগবঢ়ায় প্ৰবোধ দাসে ৷