১২ ছেপ্টেম্বৰৰ পৰা পঞ্চদশ বার্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ

১২ ছেপ্টেম্বৰৰ পৰা পঞ্চদশ বার্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  সু-পৰিচিত অপেছাদাৰী নাট্যদল সমাহাৰ নাট্য গোষ্ঠীয়ে চাৰি দিনীয়া কাৰ্য্যসূচীৰে অহা ১২ৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২৪লৈ পঞ্চদশ বার্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ খনি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ ওলাইছে। এই পৰিপ্ৰেক্ষিতত, উদযাপন সমিতিৰ সভাপতি শ্রী ললিত শর্মাই কয়: “আমি সমাৰোহৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাবে ঘোষণা কৰিবলৈ পোৱাটো অতি আনন্দৰ বিষয়। চৈধ্য বছৰে সফলতাৰে অনুষ্ঠিত হোৱা উক্ত সমাৰোহে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰূপে পৰিচিতি লাভ কৰিছে। সেয়েহে প্ৰতি বছৰে উক্ত সমাৰোহ সফল ভাবে আয়োজন কৰাটো আমাৰ গুৰু দায়িত্ব।”

২০০৭ চনৰ পৰা প্ৰতি বছৰে সমাহাৰে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্রয়াত ব্রজনাথ শৰ্মাদেৱৰ সোঁৱৰণত উক্ত সমাৰোহ আয়োজন কৰি আহিছে। শর্মাদেৱেই ১৯৩৩ চনত অসমত পোনপ্রথমে মঞ্চত নাৰী শিল্পীৰ দ্বাৰা অভিনয় কৰোৱাৰ দৰে বলিষ্ঠ পদক্ষেপ লৈ সহ-অভিনয়ৰ সূচনা কৰিছিল। এয়াই নহয়, স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু সৈনিক শর্মাদেৱে জ্বলাই দিছিল বৰপেটা জিলাৰ বৰনগৰত স্থাপিত বৃটিছ বিমান ঘাটি, সৰভোগ থানা, ডাকঘৰ আদি।

এইবাৰৰ নাট সমাৰোহৰ বিতং কাৰ্যসূচী নিম্নলিখিত ধৰণৰ –

১২ ছেপ্টেম্বৰ -সন্ধিয়া ৬:৩০ বজা- সমাৰোহৰ উদ্বোধনী অনুষ্ঠান। সমাৰোহৰ বন্তি প্রজ্বলন কৰিব ব্রজনাথ শৰ্মাৰ জীয়ৰী আৰু নাতিনী ক্রমে শ্রীমতী হিৰণবালা দেৱী আৰু শ্রীমতী নিলাক্ষী মিশ্ৰই। নাট সমাৰোহখনি উদ্বোধন কৰিব প্ৰবীন বাওঁপন্থী ৰাজনীতিবিদ, বুদ্ধিজীৱি তথা লেখক শ্রীযুত হেমেন দাসদেৱে। ব্রজনাথ শর্মা সোঁৱৰণী নাট সমাৰোহৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা ‘কোহিনুৰ’ উন্মোচন কৰিব বিশিষ্ট লেখক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্রীযুত তৰেণ বড়োদেরে।

উদ্বোধনী অনুষ্ঠানৰ সামৰণিৰ লগে লগে গুৱাহাটীৰ দ্রষ্টা নাট্য দলে মঞ্চস্থ কৰিব যশস্বী নাট্যকাৰ-চিত্র নির্মাতা ড° সীতানাথ লহকৰ ৰচিত আৰু শ্ৰীযুত ইন্দ্রজিৎ কাকতি পৰিচালিত নাট “PIL-99″। নাটখনিত দেখুওৱা হৈছে যে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ আমাৰ দেশত গৰীব দুখীয়াৰ বঞ্চনাও বৃহত্তম। আনকি এই বঞ্চনা চলে জনসাধাৰণৰ বিশুদ্ধ খোৱা পানীৰ নামতো। পানী টোপাৰ বাবেও সাধাৰণজনে কৰিবলগীয়া হোৱা সংগ্রামখনেই নাটখনিৰ উপজীব্য।

১৩ ছেপ্টেম্বৰ- সন্ধিয়া ৬:৪৫ বজা- (মানবেন্দ্র ভট্টাচার্য্য সন্ধিয়া)- সমাহাৰ নাট্য গোষ্ঠীৰ নাটক “দ্রোহী”। ৰচনা আৰু পৰিচালনা বিশিষ্ট নাট্যকাৰ তথা নাট্য ব্যক্তিত্ব ড° সীতানাথ লহকৰৰ। নাটকখন ক’ভিড-১৯ মহামাৰী আৰু লকডাউনৰ ওপৰত আধাৰিত। কেনেকৈ এচাম সুবিধাবাদীয়ে মহামাৰীক অন্ধবিশ্বাসৰ জৰিয়তে ব্যৱসায়লৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছে, নাটখনে তাকে দেখুৱাইছে।

১৪ ছেপ্টেম্বৰ- সন্ধিয়া ৬:৪৫ বজা- (দ্বীপ কুমাৰ মেধি সন্ধিয়া)- জাগীৰোড নাট্যগোষ্ঠীয়ে পৰিবেশন কৰিব নাট “ইমান ধুনীয়া পৃথিৱীখন”। প্রখ্যাত নাট্যকাৰ শ্ৰীযুত তৰুণ তালুকদাৰৰ দ্বাৰা ৰচিত-পৰিচালিত নাটখনিৰ মূল ভেটি হৈছে ড্ৰাগছ ব্যাধি। এই মাৰাত্মক ব্যাধিয়ে কিদৰে আমাৰ সমাজৰ ডেকাচামক ধংসৰ গৰাহলৈ ঠেলি দি আছে, তাকেই নাটকখনিয়ে দেখুৱাইছে।

১৫ ছেপ্টেম্বৰ – সন্ধিয়া ৪:৪৫ বজা আৰু ৭ বজা (দুটি দর্শনী)- (সুকুমাৰ পাঠক সন্ধিয়া)- গুৱাহাটীৰ সমাহাৰ নাট্য গোষ্ঠীয়ে নিবেদন কৰিব এখনি নতুন নাটক “ন্যায়”। ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত নাটখনিৰ বিষয়বস্তু দেশৰ অন্যতম জলন্ত সমস্যা গণপ্ৰহাৰ-হত্যা আৰু ধর্ষণ। এক ধর্ষিতাৰ সংগ্ৰাম আৰু সমাজৰ পৰা পোৱা তিৰস্কাৰকেই দাঙি ধৰিছে নাটখনিয়ে। ন্যায় প্ৰাপ্তিৰ যাত্রা কঠিন আৰু কণ্টকময় – ইয়েই নাটকখনৰ মূল ভাষ্য।

আমি আশা কৰো বিগত বছৰবোৰৰ দৰে এইবাৰো এই নাট সমাৰোহে ব্যাপক সফলতা লাভ কৰিব আৰু অসমত এক বিকল্প থিয়েটাৰ আন্দোলনৰ পৰিবেশ গঢ়ি তোলাত যথাযোগ্য বৰঙণি আগ বঢ়াবলৈ সক্ষম হ’ব।