হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ অধীনত তিনিদিনীয়া বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ অধীনত তিনিদিনীয়া বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য হৈছে মানুহৰ আটাইতকৈ মূল্যবান সম্পদ। এই উদ্দেশ্য আগত ৰাখিয়ে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ অধীনত যোৱা ২১, ২২ আৰু ২৩ ফেব্ৰুৱাৰী তাৰিখে জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন জিলাভিত্তিক বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সমগ্ৰ হোজাই জিলাৰ প্ৰায় ১৩ খন চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাখনত। হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কে চি গগৈয়ে ফিটা কাটি প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত নিজৰ ভাষণত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কে চি গগৈয়ে এই প্ৰতিযোগিতা খন অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিৰ প্ৰতিগৰাকী সদস্যকে শুভকামনা জনাই। জিলা ভিত্তিক এই প্ৰতিযোগিতা খনত পুৰুষৰ দ্বৈত শাখাত প্ৰায় ২০ টা দলে প্ৰতিদ্বন্দিতা আগবঢ়াই। এক আকৰ্ষণীয় প্ৰতিযোগিতাৰ অন্তত পুৰুষৰ দ্বৈত শাখাৰ বিজয়ী হবলৈ সক্ষম হয় জিলা অসামৰিক চিকিৎসালয়, হোজাইক প্ৰতিনিধিত্ব কৰা বিশ্বজিৎ ডেকা আৰু ধীৰাজ ডেকাই। ৰানাৰ আপ হিচাপে বিবেচিত হয় জিলা অসামৰিক চিকিৎসালয়, হোজাইক প্ৰতিনিধিত্ব কৰা ৰূপম শইকীয়া আৰু গীয়াছুদ্দিন আহমেদে। চেমি ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ক্ৰমে হোজাই এফ আৰ ইউক প্ৰতিনিধিত্ব কৰা ৰেকিবুদ্দিন আহমেদ/বেদান্ত ডেকাৰ যুটি আৰু জিলা অসামৰিক চিকিৎসালয়ক প্ৰতিনিধিত্ব কৰা টিংকু কলিতা/নৱ কুমাৰ দাসৰ যুটি দুটাই তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। পুৰুষৰ একক শাখাত এখন উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত বিজয়ী হবলৈ সক্ষম হয় জিলা অসামৰিক চিকিৎসালয়ক প্ৰতিনিধিত্ব কৰা নির্বান দাসে। জিলা অসামৰিক চিকিৎসালয়, হোজাইক প্ৰতিনিধিত্ব কৰা ক্ৰমে ধীৰাজ ডেকাই ৰানাৰ আপ হোৱাৰ বিপৰীতে জয়ন্ত জিত গগৈয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও মহিলাৰ দ্বৈত শাখাত প্ৰায় দহটা দলে অংশগ্ৰহণ কৰে। ইয়াৰে কাকী চিকিৎসালয়ক প্ৰতিনিধিত্ব কৰা নেমজুলিঙ আৰু হিমি বৰাৰ যুটিটোৱে বিজয়ী হবলৈ সক্ষম হয়। দ্বিতীয় স্থান লাভ কৰে যুটীয়া স্বাস্থ্য সঞ্চালকালয়ক প্ৰতিনিধিত্ব কৰা চাবানা চৌধুৰী আৰু কস্তুৰী পুষ্টিয়ে। ইয়াৰ উপৰিও মহিলাৰ একক শাখাত প্ৰায় 14 গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়। মহিলাৰ একক শাখাত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় কাকী চিকিৎসালয়ক প্ৰতিনিধিত্ব কৰা নেমজুলিঙে। ইয়াৰ বিপৰীতে ৰানাৰ আপ হিচাপে বিবেচিত হয় যুটীয়া স্বাস্থ্য সঞ্চালকালয়ক প্ৰতিনিধিত্ব কৰা চাবানা চৌধুৰীয়ে। পুৰুষৰ দ্বৈত শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় নীলবাগান চিকিৎসালয়ক প্ৰতিনিধিত্ব কৰা ডাঃ ইফটিকাৰ আহমেদে। শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে বিবেচিত হয় যুটীয়াভাৱে ৰাজু ডেকা আৰু ৰাজীৱ বৈশ্য। প্ৰতিযোগিতা খন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সৌৰভ কৰক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সহযোগী বঁটাৰে সন্মানিত কৰা হয়। শিশু সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰীতি খেলত বিভান ডেকা কাশ্যপে আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি দৰ্শকৰ যথেষ্ট প্ৰশংসা লাভ কৰে। সমগ্ৰ হোজাই জিলাখনৰ ভিতৰত অনুষ্ঠিত হোৱা বেডমিণ্টন প্ৰতিযোগিতা খনত জিলা অসামৰিক চিকিৎসালয়, হোজাই শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে বিবেচিত হয়। প্ৰতিযোগিতা খনৰ অন্তিম দিনা হোজাই জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য বিভাগ) সপ্ততী এণ্ডো ডাঙৰীয়ানীয়ে উপস্থিত থাকি খেল উপভোগ কৰাৰ লগতে নিজেও এখন প্ৰীতি খেলত অংশগ্ৰহণ কৰে। ২৪ ফেব্ৰুৱাৰী তাৰিখে দিনৰ দুই বজাত জিলা অসামৰিক চিকিৎসালয় প্ৰেক্ষাগৃহত প্ৰতিযোগিতাত বঁটা লাভ কৰা প্ৰতিগৰাকী খেলুৱৈকে আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলাৰ স্বস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কে চি গগৈ, জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বাসুদেৱ মালাকৰ, উপ অধীক্ষক ডাঃ সুব্ৰত বনিক সমণ্ডিতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।