হোজাইত অষ্টাদশ অসম যোগ মহোৎসৱৰ শুভাৰম্ভ

হোজাইত অষ্টাদশ অসম যোগ মহোৎসৱৰ শুভাৰম্ভ
ঝাৰখণ্ড,ৰাঁচীৰ ৰামকৃষ্ণ মিচন আশ্ৰমৰ স্বামী ভবেশানন্দ মহাৰাজলৈ স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় যোগ সংস্কৃতি যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত ২০০৭চনৰ পৰা আৰম্ভ হোৱা অসম যোগ মহোৎসবে এইবছৰ অষ্টাদশ বছৰত ভৰি দিলে।অষ্টাদশ অসম যোগ মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান ১২ ডিচেম্বৰৰ/২০২৪ তাৰিখে উদ্বোধনী অনুষ্ঠান শ্ৰীমন্ত শংকৰ দেৱ নগৰ জিলাৰ হোজাই চহৰৰ যুগল কিশোৰ কেডিয়া ভৱনত অনুষ্ঠিত হয়। যোগ মহোৎসৱ বন্তি প্ৰজ্বলন এৰে শুভ উদ্বোধন কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মানবেন্দ্ৰ দত্ত চৌধাৰীয়ে সন্মানীয় অতিথি হিচাপে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, ৰামকৃষ্ণ মিছন আশ্ৰম, মোৰাবাদী, ঝাৰখণ্ডৰ সম্পাদক স্বামী ভবেশানন্দ মহাৰাজ, ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটীৰ. সম্পাদক তথা পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ শান্তনু ৰায় চৌধুৰী, হোজাই শ্ৰীমন্ত শংকৰদেৱ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ তপন কʼৰ । অনুষ্ঠানৰ সভাপতিত্ব কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটীৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য সুভাশীষ ক’ৰে । ঝাৰখণ্ড,ৰাঁচীৰ ৰামকৃষ্ণ মিচন আশ্ৰমৰ স্বামী ভবেশানন্দ মহাৰাজক স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা বঁটা প্ৰদান কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মানবেন্দ্ৰ দত্ত চৌধাৰী আৰু হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে।যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটীৰ উপদেষ্টা ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা উদ্বোধনী অনুষ্ঠানৰ সমান্তৰালকৈ অসমৰ বিভিন্ন জিলাৰ পৰা যোগ বিষয়ত উৎকষ সাধনাৰ বাবে সেৱা আগবঢ়োৱা ১৭ গৰাকী বিশিষ্ট ব্যক্তি ডঃ নিতেন বৰ্মনলৈ যোগ ভূষণ, ডঃ অনিল পেগুলৈ যোগ বিকাশ ৰীনা দেৱী লৈ যোগ বৈভৱ, যোগ প্ৰচাৰকৰ বটা নীতা লহকৰ তালুকদাৰলৈ, পৰশমণি বৰালৈ যোগ ক্ৰান্তী বটা, গৌতম পাটোৱাৰীলৈ যোগ দৃষ্টি, সুমন টেৰণপীলৈ যোগ প্ৰহৰী, ডঃ হ্দয়ানন্দ তামুলী ফুকনলৈ আৰু ৰিনিজীনি খনিকৰলৈ যোগ যোদ্ধা, অংকিতা বৰঠাকুৰলৈ যোগ প্ৰাচূয্য, ৰশ্মি চিৰিং ফুকনলৈ যোগ প্ৰতিভা, কণিকা দাসলৈ যোগ মিত্ৰ, ৰূপজ্যোতি কʼৰলৈ যোগ ৰশ্মী, মানবেন্দ্ৰ মণ্ডললৈ যোগ সেৱক, শুভাশীষ বালালৈ যোগ প্ৰচাৰীকা, আনন্দ শীললৈ যোগ বন্ধু আৰু হৰষিত কোঁৱৰ বৰালৈ যোগ সম্ৰাট আদি শীৰ্ষক বিভিন্ন বঁটাৰে সম্বৰ্ধনা জনোৱা হ’য়। ৰাতিপুৱা ৮-৩০ মিনিটত অনুষ্ঠিত আকৰ্ষণীয় যোগ শোভাযাত্ৰা উদ্বোধন কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে।যোগ সাংস্কৃতিক অনুষ্ঠান আৰু আন্তঃ যোগ মহাবিদ্যালয় যোগ প্ৰতিযোগিতা অনুস্থিত হয়। ইয়াত অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।ইয়াৰ সমান্তৰালকৈ অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সামাজিক-আধ্যাত্মিক-মানসিক শক্তিৰ বিকাশৰ লক্ষ্যৰে এমাহৰ বাবে যোগ সচেতনতা সভা, ৰক্ত দান শিৱিৰ, বাটৰ নাট, ৰেইকী সচেতনতা, যোগাসন প্ৰতিযোগিতা আদি বিভিন্ন সামাজিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব আৰু ১২ জানুৱাৰী/২০২৫ খ্ৰীষ্টাব্দত যোগ তীৰ্থ প্ৰতিষ্ঠান, মালিগাঁৱত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদযাপন সমিতিৰ সম্পাদক সম্ৰাট মজুমদাৰে জানিবলৈ দিয়ে লগতে উদ্বোধনী অনুষ্ঠানৰ সফল সামৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।