হে মোৰ প্ৰিয়  মানুহ – সত্যজিত গগৈ

হে মোৰ প্ৰিয়  মানুহ
সত্যজিত গগৈ
 চাচনি, ডিব্ৰুগড়
তোমাৰ সংস্পৰ্শত
বিচাৰি পাইছো
এমুঠি সুখ।
দুৰ-দুৰণিৰ পৰা অহা
এজাক সুগন্ধি বতাহে
মোৰ মনত দি গৈছে
আশা ভৰা সপোনৰবোৰ।
একতা আৰু দৃঢ়তাৰে
 ৰচনা কৰোঁ আহা
 আমাৰ হেঁপাহৰ ঘৰখন…