হে নাৰী তুমি অনন্যা- বৰষা ৰাণী হাজৰিকা

Pc HerZindagi
(নাৰী দিৱস বিশেষ) 
হে নাৰী তুমি অনন্যা
বৰষা ৰাণী হাজৰিকা 
হে নাৰী—–
 সৃষ্টিৰ প্ৰতীক তুমি
  মমতাময়ী, বীৰ, ত্যাগী
    তুমি সাহসৰ প্ৰতীক
তোমাৰ গৰ্ভতে সৃষ্টি হয় দেশৰ ধৰণী
তোমাৰ বুকুতে ফুলি উঠে সপোন শ্যামলী …
হে নাৰী—
তুমি দয়াৰ সাগৰ
উদাৰতাৰ সাক্ষী
তুমি সুৰক্ষাময়ী—
তোমাৰ আঁচলৰ বা ত চেঁচা হৈ পৰে
কত ভাগৰুৱা দেহা,
মাতৃৰ ভুমিকাৰে সন্তানক সুৰক্ষা দিয়া
দুষ্ট ডকাইতৰ কবলৰ পৰা…!
হে নাৰী—
জয়মতীৰ দৰে সহনশীল তুমি…
মূলাগাভৰুৰ দৰে সাহসী…
জংকি-পানৈৰ প্ৰেমৰ উদাহৰণ তুমি,,
তুমি ধৈৰ্যৰ প্ৰতীক
তুমি ত্যাগৰ প্ৰতীক
কত লাঞ্ছনা, কষ্ট সহি
 নিজকে গঢ়ি তোলা শিলৰ দৰে..
কত ধুমুহা, গাজনি, শিলাবৃষ্টিক নেওচি
থমকি নোৰোৱা তুমি জীৱন পদূলিত
হে নাৰী তোমাক শত কোটি প্ৰণাম,,
 তুমি সমাজৰ আদৰ্শ
তুমি জ্ঞানী,
আলোকৰ বন্তি…
হে নাৰী তুমি অনন্যা…!!