হেৰুৱা হেঁপাহবোৰ
জোনাক ভালপোৱা সেই সময়বোৰ
নেজানিছিলো জোনাকৰ মাজতো থাকে আন্ধাৰ
উপলদ্ধি হয় মাথো
যন্ত্ৰৰ দৰে চলি থাকে দিনত সূৰ্য ৰাতিত জোন ।
ঠিকনা বিচাৰি
হেৰুৱালো বহুবাৰ সেউজী সপোন
বাজি থাকে গুণ গুণ মৌপিয়া সুৰ
ভাগৰুৱা মন অনুভৱী হৈ
ভাল লগা সেইদিনবোৰৰ
সৰুতে ওমলা সৰুকালৰ হাঁহি-ধেমালি
সময়ৰ খোজত ক’ত হেৰাই যায়
ভাবিলে দেখো ভাৰাক্ৰান্ত হৈ
সেই স্মৃতিবোৰে উভতি ধৰে
কল্পনাৰে সঁজা মিঠা পলকবোৰ
হেন্দোলিত বুকুত ধক্ ধক্ শব্দত
সাৰপায় উঠে বিচাৰি যায়
বহুদুৰলৈ আপোন আপোন ভাৱৰ
সেই ক্ষণ যে নাপাওঁ দুনাই
হেৰুৱা সময়ৰ হেঁপাহ বোৰ
যান্ত্ৰিক জীৱনৰ ছবিখনেহে আঁকি ৰয় ।
যমুনা দুলু বৈশ্য
শুৱালকুছি