হেপ্পী নিউ ইয়েৰ 2025
ইভা গন্ধীয়া ফুকন
বছৰনো কি
তিনিশ পঁয়ষষ্ঠি দিনৰ এখন তালিকা
আহিব আৰু যাব
সময়ৰ গতিত আকৌ এটি বছৰ অতীত হ’ব
বিগত বছৰত
ভাল বেয়া যি কৰ্মই নকৰোঁ কিয়
মাথো সোঁৱৰণী হৈ ৰ’ব
2024 ৰ চোতালত এতিয়া
যুতিমালিৰ গোন্ধ নাই
শেৱালিৰ সুভাস নাই
আছে কেৱল সৰা ফুলৰ পাপৰি
কাৰ অপূৰণ মনৰ নুপুৰ
বিদায় ক্ষণত বাজে
নতুন বছৰ আদৰিবৰ পৰত
মুকুতা হৈ সৰে
বিশ্ব সাজু নতুন 2025 বৰ্ষ আদৰাত
মাছ- মাংসৰে উদৰ পূৰাই ভোজ
সুৰাৰ ৰাগীত মতলীয়া
উতনুৱা এচামৰ ধামখুমীয়াত
ইংৰাজী নতুন বছৰে ভূমুকি মাৰিব
নিশা বাৰ বজাৰ লগে লগে
ফুটিব আতচবাজী
সমস্বৰে উচ্ছাৰিত হ’ব
হেপ্পী নিউ ইয়েৰ 2025
উল্লাহৰ জোৱাৰত
মনত জানো পৰিব
নতুন বছৰৰ কৰ্মৰ সংকল্প ল’বলৈ!!