হেপাঁহৰ শাওণ
******
হেঁপাহৰ শাওণে কঢ়িয়াই আনে
বোকা মাটিৰ গোন্ধ,
সেই গোন্ধে খেতিয়কক মাতে হাতবাউল দি
মাটি চহ কৰিবলৈ,
নাঙলৰ মুঠিত ধৰি খোজ দিয়ে
বোকাৰ মাজত—
লুকাই থকা সপোনবোৰক
সাকাৰ ৰূপ দিবলৈ—
এয়া যে হেঁপাহৰ শাওণ।
ৰ’দত শুকাই, বৰষুণত তিতি আনন্দেৰে
সপোনবোৰ গোজা মাৰে
এগোছা দুগোছাকৈ—
শাওণৰ বতৰত অনাগত দিনৰ
এয়া আশাৰ ফচল।
একলা দুকলাকৈ বাঢ়ি
ভৰযৌৱনা হয় শাওণৰ পথাৰ,
উকা হৈ থকা পথাৰখন
সেউজীয়াময়তাৰ ৰূপ দেখি
বিমুগ্ধ হয় খেতিয়ক,
হৃদয়খন ভৰি পৰে সুখানুভূতিৰে।
সপোনে বাট বোলে এডেও দুডেওকৈ
এয়া আশাৰ সঞ্জীৱনী
খেতিয়কৰ বাবে।
এদিন দুদিন কৰি পথাৰখন
সেউজীয়া বুলনি কৰি
হেপাঁহৰ শাওণে মেলানি মাগে
আকৌ ন উদ্যমেৰে,ন আশাৰে
অহাৰ প্ৰতিশ্ৰুতিৰে—–
******
মিনাক্ষী দেৱী শৰ্মা
গোলাঘাট,দেৰগাঁও,(চিৰিশটিকা)