হেঙেৰাবাৰী লেখিকা সংস্হাৰ বৰ্ষপূৰ্তি অনুষ্ঠান

হেঙেৰাবাৰী লেখিকা সংস্হাৰ বৰ্ষপূৰ্তি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ হেঙেৰাবাৰী লেখিকা সংস্থাৰ বাৰ বছৰীয়া বৰ্ষপূৰ্তী অনুষ্ঠান বৰবাৰী দুৰ্গা মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ‘ অসমীয়া শিশু সাহিত্য আৰু ইয়াৰ ভৱিষ্যত ‘ বিষয়ত ভাষণ দিয়ে লেখক,জ্যেষ্ঠ সাংবাদিক যুগললোচন দাসে৷ অনুষ্ঠানটিত উপস্থিত থাকে লেখিকা,সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, মৃদুলা শৰ্মা, দীপালী কাকতি হাজৰিকা, ভাৰতী ডেকা দাস, প্ৰতাপ হাজৰিকা, অঞ্জলিকা চৌধুৰী, লনিমা মহন আৰু পাপৰি বৰুৱা৷