হেঁপেহুৱা ক্ষণ
কত ভাব কত ভাষা
আশা -নিৰাশা
কলিতে মৰহি যোৱা নুফুলা পাহি
লক্ষ বাতিৰে জ্বলা সভ্যতাৰ গছাৰ তলত
শিল ধূলি বালিতেই
জীবনৰ বিননি বিনায়
ৰ’দৰ মুখ নেদেখা অৰণ্য গৰ্ভৰ
ওখ বন বিটপীৰে ঢাক খাই
উশাহ নাপায় !
কবিতাৰ বান
ছন্দ বৰ্ণ সুৰ লয় তান
ক্ষোভৰ ছন্দত জ্বলে
বিকৃত জীৱনৰ স্বৰূপ
সুকোমল ছন্দত ফুলে
সোণ -হীৰা খচিত
জীৱনৰ কুসুম পাহি
তপত তেজৰ দৰে বৈ যায় জীৱনৰ মধুৰ ক্ষণ
লগে লগে লৈ যায় প্ৰাণবন্ত প্ৰাণ
নিজে গাঁথি যোৱা শব্দৰ বিন্যাসত
দেও দি দি নাচে মহানন্দে
জীৱনৰ হেঁপেহুৱা ক্ষণ !!
ইভা গন্ধীয়া ফুকন