হেঁপাহৰ ভোগালী বিহু – ছেলিমা বেগম

হেঁপাহৰ ভোগালী বিহু

ছেলিমা বেগম , নগাঁও 

নিয়ৰ সৰা ভোগালী বিহুৰ গধূলি
মাঘ মাহৰ অসমৰ ভোগালী
মাঘ বিহু আহিলে
মেজিৰ জুই জ্বলিব
অসমীয়াৰ ঘাঁত  তত নাইকিয়া
গাৱঁৰ জীয়ৰী বোৱাৰী সাজু হ’ল
পিঠা গুৰি  খুন্দিবলৈ  পিঠা গুৰি লৈ ৷
মাটি মাহৰ সোৱাদ লবলৈ
মিঠা আলুৰ মিঠাৰে
বৰা চাউলৰ পিঠাৰে ৷
অসমীয়া’ৰ চোতালত উৰুকা নাচে
ঘৰে ঘৰে সৰে ঢেঁকীৰ মাত
সান্দহ পিঠা ভোগালী বিহুৰ জলপান৷
ভেলা ঘৰৰ মাজতে আইতাহতেঁ নাচে
ককাহঁতে পুৱাতে মাছ’লৈ যায়
চিতল লৈ আহে ভোগালী বিহুৰ আনন্দত
আনন্দেৰে উলাহত নাচে
ভোগালী বিহুৰ এসাঁজ ভাত
লগে ভাগে খাবলৈ ৷