হেঁপাহৰ ভোগালী বিহু
এছ, ইছলাম, শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা
পশ্চিম মইনবৰী,বৰপেটা
পুহ-মাঘৰ সংক্ৰান্তিত
আহে হেঁপাহৰ ভোগালী
মাঘ মাহত ভোগালী বিহু
ভোগৰ পিঠা খাওঁ।
পথাৰত সজা মেজিৰ জুই
জ্বলি পুৰি কৰিব ছাই
মনৰ যত হিংসা-কলুষতা
অনাগত দিনত হ’ব স্বচ্ছতা।
হেঁপাহৰ ভোগালী বিহুত
তুমি নাই মোৰ কাষত
আছোঁ মই তোমাৰ অপেক্ষাত
তুমি অবিহনে ভোগৰ পিঠা
নাযায় মোৰ পেটত।
জাকৈৰে মাছ ধৰিম
খালৈত ভৰাই থম
তোলৈ তেলত ভাজি
প্ৰাণ ভৰাই খুৱাম।
ৰজকিনীৰ প্ৰেমৰ ৰাগিত
বৰশী বায় চণ্ডীদাসে দিন-ৰজনীত
বিয়েট্ৰিছৰ ক্ষন্তেকীয়া দৰ্শন
হ’ল দান্তেৰ ‘ডিভাইন কমিডি’খন।