হৃদয়ৰ এৰাসুঁতিত প্ৰেমৰ গুণগুণনি
যুগান্ত দাস
ভৱানীপুৰ , বজালী
নীলাক্ষীৰ মনটো আজিৰ পৰা ত্ৰিশ বছৰ পিছলৈ ঘুৰি গ’ল । চুটি চুটি চুলিৰে মৰম লগা এজনী দেখনিয়াৰ গাভৰু নীলাক্ষী চলিহা । তাইৰ ওঁঠৰ এটি হাঁহিয়ে হাজাৰজন ডেকা ল’ৰাক মুহূৰ্ততে ঘায়ল কৰি পেলাব পাৰে । চাদৰ মেখেলা পিন্ধি তাই যেতিয়া কলেজৰ ভিতৰলৈ সোমাই যায় ,গছৰ তলত বা কলেজৰ বাৰাণ্ডাত থিয় হৈ কথাত মচগুল হৈ থকা ল’ৰাবোৰে তাইলৈ ৰ’ লাগি চায় । তাইৰ দেহৰ ওপৰেৰে সিহঁতৰ আকুল চাৱনিবোৰ নিমিষতে বগাই যায় । তাইৰ বান্ধৱী সাগৰিকাই তাইৰ পেটৰ খালি ঠাইখিনিত বাওঁহাতেৰে চিকুট মাৰি তাইক কয় –” নীলা, চোৱা তোমাৰ ভক্তগণে কি চাৱনি মাৰিছে তোমালৈ । কাছ কেতিয়াবা কোনোবাই যদি এনেকুৱা চাৱনি মোৰ ফালেও দিলেহেতেন চাল্লা । মা কচম লাজ কাজ পাহৰি সাৱটি ধৰিলোহেতেন দৌৰ মাৰি গৈ । ” সাগৰিকাৰ কথা শুনি নীলাক্ষীয়ে কয় –” মই কিবা সিহঁতক মোৰ ফালে চাবলৈ কৈছোঁ নেকি ? চাইছে, চাইছে ।মই কি কৰিব লাগে । ” নীলাক্ষীয়ে আৰু কথা নবঢ়ালে । তাই জানে সাগৰিকাৰ স্বভাৱ । যিহে লাজ নোহোৱা ছোৱালী মুহূৰ্ততে চিঞৰি চিঞৰি কিবা এষাৰ কোৱাটো একো ডাঙৰ কথা নহয় তাইৰ বাবে ।
নীলাক্ষী ঘৰৰ সকলোৰে বৰ আদৰৰ । আদৰৰ নহ’বয়েনো কিয় !তিনিজন ককায়েক ভায়েকৰ মাজত একমাত্ৰ ছোৱালী বুলিবলৈ নীলাক্ষীয়ে । বাপেকৰ কথাটো আৰু সুকীয়া । জীয়েকৰ গাত সাধাৰণ মাখি এটা পৰিলেও হুলস্থুল লগাই দিয়ে । সৰুৰে পৰাই তাই পঢ়াশুনাত চোকা আছিল । সকলোৱেই আশা কৰা ধৰণেই তাই মেট্ৰিক পৰীক্ষাত সফলতাৰে পাছ কৰিবলৈ সক্ষম হৈছিল । দেউতাকে চহৰৰ আগশাৰীৰ কলেজ এখনত বিজ্ঞান শাখাত নীলাক্ষীক নাম লগাই দিলে । স্ফীত বুকু , খামুচীয়া কঁকাল আৰু চুটি চুটি কেকোৰা চুলিৰে নীলাক্ষী অপূৰ্ব সুন্দৰী । চাদৰৰ ফাঁকেৰে ওলাই থকা তাইৰ সুগভীৰ নাভি দেখি উফ বুলি উচ্চাৰণ নকৰা ডেকা কলেজত হয়তো এজনো নোলাব । সহপাঠী , চিনিয়ৰ , জুনিয়ৰ সকলো ল’ৰাই তাইৰ দিৱানা । কিন্তু কোনেও মুখ ফুটাই তাইক আজিলৈকে প্ৰপ’জ কৰাৰ সাহস কৰা নাই । তাইও নজনা নহয় প্ৰশান্ত , অম্লান , নিৰ্বাণ , বিকাশহঁতে যে তাইক চাবলৈকে কলেজৰ গেটৰ ওচৰত বাহৰ পাতি থাকে । পিছে নীলাক্ষীৰ সেইবোৰলৈ মুঠেই কাণসাৰ নাই । তাইৰ জীৱনটো যেন পঢ়িবলৈহে । পঢ়াৰ বাহিৰে তাইৰ আন কথা ভাবিবলৈ আহৰি নাই । কথাই কথাই এদিন সাগৰিকাই তাইক সুধিয়ে দিছিল –” কি অ!তোৰ দেহ মনত কামনা বাসনা বুলি একো অনুভূতিয়ে নাই নেকি ? ইমান সোপা ডেকা ল’ৰা তোৰ বাবে বলিয়া ,তোৰ কি কাকো ভাল নালাগে। তই বাৰু শিলৰ নে কাঠৰ যে তোৰ দেহত যৌৱনৰ পিৰপিৰণি বোলা বস্তুটো নুঠে । ” তাই একো উত্তৰ দিয়া নাছিল । তাই মৌন হৈ থকা দেখি সাগৰিকাই পুনৰ কৈছিল –” নে স্কুলতে কাৰোবাক মন প্ৰাণ দি থৈছ । ” “যা এইজনী “– বুলি কৈ তাই সাগৰিকাৰ ওচৰৰ পৰা আঁতৰি আহিছিল ।
পঢ়া শুনাক লৈ ব্যস্ত থাকোতে নীলাক্ষীৰ কলেজ লাইফৰ মাদকতা উপভোগ কৰাই নহ’ল । কলেজৰ শ্ৰেণী কোঠা , ব্লেক বোৰ্ড , কিতাপ বহী এইবোৰেই চিনি পাইছিল । এইবোৰৰ বাহিৰেও যে আৰু কিবা থাকিব পাৰে সেয়া তাই কল্পনায়ে কৰা নাছিল । হয়তো দেউতাক আৰু ককায়েকহঁতৰ মৰম নতুবা তাই নিজৰ মাজতে সংকুচিত হৈ থকা স্বভাৱটোৰ বাবেই কাৰো প্ৰেমত পৰায়ে নহ’ল । তাইৰ বিয়াখনো আচৰিত ধৰণেই হৈ গৈছিল । হঠাৎ এদিন জয়ন্তই তাইৰ দেউতাকৰ ওচৰত বিয়াৰ প্ৰস্তাৱ ৰাখিছিল । তাইৰ দেউতাক আৰু ককায়েকহঁতে একেষাৰে সেই প্ৰস্তাৱ নাকচ কৰিছিল । সেইদিনা জয়ন্ত সিহঁতৰ ঘৰৰ পৰা বিমৰ্ষ মনেৰে আঁতৰি গৈছিল । যোৱাৰ সময়ত তাইলৈ বৰ কৰুণ দৃষ্টিৰে একেথৰে চাইছিল । তাৰ দৃষ্টিয়ে সেই সময়ত তাইৰ মনত কোনো বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পৰা নাছিল । এটা সাধাৰণ ঘটনা বুলি তাই ধৰি লৈছিল । জয়ন্ত যোৱাৰ পিছত কোনোদিনে সিহঁতৰ ঘৰত তাইৰ বিয়াৰ কথা ওলোৱা নাছিল । দেউতাকৰ কথাত তাই বুজি পাইছিল যে দেউতাকে পৰাপক্ষত তাইক জয়ন্তৰ হাত নগতায় । এদিন তাইও স্কুল এখনত শিক্ষকৰ চাকৰিত যোগদান কৰিলে ।
ইফালে জয়ন্ত নীলাক্ষীৰ দেউতাকৰ পৰা প্ৰত্যাখিত হৈ একপ্ৰকাৰ দেৱদাস হৈ পৰিল । নীলাক্ষীয়ে স্কুললৈ অহা যোৱা কৰা সময়খিনিত সি তাইক চাবলৈ চোপ দি থাকে । তাইক এবাৰ দেখিলেহে যেন তাৰ দিনটোৱে গতি কৰে । নহ’লে যেন তাৰ চৌপাশৰ পৃথিৱীখনেই স্থবিৰ হৈ পৰে । নীলাক্ষীৰ বান্ধৱী কেইজনীৰ ওচৰতো সি খাটনি ধৰে । কিবাকৈ নীলাক্ষীক তাৰ লগত বিয়া হ’বলৈ মান্তি কৰাবলৈ । তাৰ বাবে যেন নীলাক্ষী নহ’লে জীৱনটোৱেই অসাৰ । এজন শান্ত ,সুস্থিৰ ডেকাৰ এই আকুলতাত নীলাক্ষীৰ মনটো ক্ৰমাৎ কোমল হৈ আহে।তাই অৱশ্যে নিশ্চিত নহয় এয়া কি!এয়া তাৰ ভালপোৱা নে তাইৰ শৰীৰটোৰ প্ৰতি জাগি উঠা তাৰ আকৰ্ষণ । কি হ’ব পাৰে বাৰু ? প্ৰেম নেকি ? প্ৰেম মানে নো কি তাই দেখোন কোনোদিনে অনুধাৱনেই নকৰিলে ? তাইনো কেনেকৈ ক’ব প্ৰেম নে কি ? দিনক দিনে জয়ন্তৰ তাইৰ প্ৰতি অনুৰাগ বাঢ়ি যোৱাৰ উমান তাইও যেন অনুভৱ কৰিবলৈ ধৰিলে। এদিন তাই এটা সিদ্ধান্তত উপনীত হ’ল । এদিন নহয় এদিনতো কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত তাই বিয়া হ’বয়ে লাগিব । গতিকে জয়ন্তৰ লগতে বিয়া হোৱাত নো কি আপত্তি । জয়ন্ত ল’ৰাজনো বেয়া নহয় । তাতে তাৰ এটা ভাল চাকৰিও আছে । তাইৰ বাৰু তাৰ প্ৰতি প্ৰেম নাইয়ে ,কিন্তু তাৰ কষ্ট খিনিও তাই দেখোন সহ্য কৰিব পৰা নাই। আৰু এইটোও নহয় যে যাৰ লগত প্ৰেম হ’ব তাৰ লগতেই যে বিয়া হ’ব লাগিব । কলেজতে কাৰো লগত প্ৰেম নহ’ল আৰু এতিয়া বাৰু তাইৰ কাৰ লগত প্ৰেম হ’ব । এদিন তাই জয়ন্তক তাৰ লগত বিয়া হ’ব বুলি কথা দিলে ।
আচলতে নীলাক্ষীয়ে নিজকে কেতিয়াও ভালদৰে জুমিয়ে নাচালে । তাই কি বিচাৰে , কি নিবিচাৰে ? এটা গতানুগতিক জীৱন কটাই গৈছে । জীৱনটো যেন এটা গণিত । যেতিয়া তাই জয়ন্তৰ লগত বিয়া হ’ম বুলি দেউতাকক কৈছিল তেতিয়া দেউতাক জকজকাই উঠিছিল । তেওঁ কোনোপধ্যেই মানি ল’ব পৰা নাছিল তাইৰ এই সিদ্ধান্তক । কিন্তু এদিন তাইৰ সিদ্ধান্ত মানি লৈছিল দেউতাকে তাইৰ দৃঢ়তা দেখি । দেউতাকে তাইক কৈছিল –” তুমি যদি তাৰ লগতে বিয়া হ’ব বিচাৰিছা হোৱা । কিন্তু এটা কথা ঠিক আমাৰ মনত কিছু হ’লেও খেদ ৰৈ যাব । কাৰণ প্ৰথম দিনাৰ পৰাই আমি তাক তোমাৰ বাবে গ্ৰহণ কৰা নাই অন্তঃকৰণেৰে । কিন্তু এইটোও ঠিক যে তোমাৰ অশান্তি কৰি আমি আনৰ লগতো বিয়া নিদিওঁ । তথাপিও কথাবোৰ এবাৰ আকৌ চিন্তা কৰি চাবা মাজনী। জীৱন নামৰ উকা কাগজখনত এবাৰ এষাৰ কথা লিখিলে তাক পিছত মচি নতুনকৈ লিখিব নোৱাৰি । “
পঁচিশ বছৰ তাই জয়ন্তৰ লগত কটালে । এই পঁচিশ বছৰে তাই এটা কথা বুজি নাপালে আচলতে তাই কিহৰ তাড়নাত জয়ন্তৰ লগত বিয়াত বহিছিল । জয়ন্তই তাইক আজিলৈকে কোনোদিনে এষাৰ টান কথা কৈ পোৱা নাই । তাই যেতিয়া নৰীয়াত পৰে সি উদগ্ৰীৱ হৈ পৰে । এটা কথা তাই ভালকৈ বুজি উঠিছিল যে জয়ন্তই তাইক খুব ভাল পায়। কিন্তু তাই ? তাই বাৰু জয়ন্তক ভালপায় নে ? পাক লগা কথাবোৰে তাইৰ মূৰৰ ভিতৰত তোলপাৰ লগাই থাকে । কিয় এনে হয় তাইৰ ,তাই নিজেই নাজানে ।কোনো এটা কথাৰে কিয় তাই সঠিক উত্তৰ উলিয়াব নোৱাৰে ? তাইৰ নিজৰ ওপৰত কি তিলমাত্ৰও ভৰসা নাই নেকি ? তাই কিয় ক’ব নোৱাৰে অন্তঃকৰণেৰে যে হয় তাই জয়ন্তক ভাল পায়। পঁচিশ বছৰ এজন মানুহৰ লগত কটাই দুটাকৈ সন্তানৰ মাতৃ হৈ উঠাৰ পিছতো তাই কিয় বুকু দাঠি ক’ব পৰা নাই ” মই জয়ন্তকে ভালপাওঁ । ” ফুলশয্যাৰ নিশাও তাই বহুবাৰ নিজকে সুধি চাইছিল একেখিনি কথাকে । যেতিয়া জয়ন্তই তাইক নিবিৰ ভাবে পাব বিচাৰিছিল তাই ভিতৰি ভিতৰি এক অসহজবোধ অনুভৱ কৰিছিল । জীৱনৰ কাংক্ষিত ক্ষণটোৱে তাইক শিহৰিত কৰিব পৰা নাছিল । পত্নীতো তাই হৈছিল কিন্তু প্ৰেমিকা হৈ সেইদিনা তাই জয়ন্তৰ ওচৰত ধৰা দিব পৰা নাছিল । আৰু আজি ! আজি পাৰিছে জানো —– !
সাগৰিকাক সিদিনা লগ নোপোৱা হ’লেই ভাল আছিল । সিদিনা হঠাৎ বজাৰত তাই সাগৰিকাক লগ পাইছিল । দুয়োৱে হয়তো কল্পনাও কৰা নাছিল যে দুয়ো এনেকৈ হঠাৎ লগ পাই যাব । ” হেই নীলা কি খবৰ “– হঠাৎ তাই কোনোৱাই মতা শুনি ৰৈ গৈছিল আৰু পিছফালে মুখ ঘূৰাই তাই সাগৰিকাক দেখি আচৰিত হৈছিল । ” সাগৰিকা তই ইয়াত “— নীলাক্ষীয়ে উৎসাহেৰে সুধিছিল । ” হয় মইয়ে কি খবৰ তোৰ “– সাগৰিকাই পুনৰ সুধিছিল । ” কিমান দিনৰ মূৰত যে তোক লগ পাইছো “– নীলাক্ষীয়ে কৈছিল । ” কিমান দিন নহয় বান্দৰী কিমান বছৰ বুলি ক’ “— সাগৰিকাই কৈছিল । ” “ব’ল কোনোৱা এখন ৰেষ্টুৰেণ্টত বহি চাহ একোকাপ খাই কথা পাতো । চাহো খোৱা হ’ব কথা পতাও হ’ব । স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছো । চাহ একাপ খাবলৈ বৰ মন গৈ আছে ।” — নীলাক্ষীয়ে ক’লে । সাগৰিকা আৰু নীলাক্ষীয়ে ইফালে সিফালে ডিঙি মেলি চাই ওচৰতে থকা ৰেষ্টুৰেণ্টখনলৈ খোজ দিলে ।
দুকাপ চাহ আৰু দুটা চিঙৰাৰ অৰ্ডাৰ দি দুয়ো ৰেষ্টুৰেণ্টখনৰ সোঁফালৰ চুক এটাত থকা টেবুলখন অধিকাৰ কৰি ল’লে ।
সাগৰিকাই সুধিলে –“বাৰু ক’ এতিয়া তোৰ খবৰ । ল’ৰা ছোৱালী কিমান ডাঙৰ হ’ল ।”
নীলাক্ষী –” ল’ৰা নাই । ছোৱালী দুজনী । ডাঙৰজনীৰ বাইশ বছৰ, সৰুজনীৰ বিশ ।”
সাগৰিকা –” বাঃ বৰ হিচাপী নেকি অ’ তোৰ হাজবেণ্ড । একেবাৰে গেপ মেণ্টেইন কৰি চলিছে । ”
নীলাক্ষী –” ধেৎ এইজনী । তোৰ কি অলপো লাজ কাজ নাই । কলেজত যেনেকুৱা আছিলি এতিয়াও একেই আছ । ”
সাগৰিকা –” বাৰু এটা কথা ক’চোন । তোৰ বাৰু লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ । ”
নীলাক্ষী –” না লাভ মেৰেজ না এৰেঞ্জ মেৰেজ । ”
সাগৰিকা –” কি তেনেহ’লে । আপোনা আপুনি তপকি গলি নেকি দুয়ো দুয়োৰে ডিঙিত । বান্দৰী ভালকৈ বুজাই ক’ ।”
জয়ন্তই বিয়াৰ প্ৰস্তাৱলৈ ঘৰলৈ যোৱাৰ পৰা আৰম্ভ কৰি দুটাবছৰে সি তাইৰ কেনেকৈ মন জয় কৰি বিয়া পৰ্যন্ত আগুৱাই লৈ গ’ল সকলো কথা ভাঙি পাতি ক’লে । ইমান সময়ে দুয়োৰে চাহ চিঙৰা খোৱা শেষ হৈছিল । সাগৰিকাই আৰু একাপ একাপ চাহ অৰ্ডাৰ দিলে ।
নীলাক্ষীয়ে হাঁহি হাঁহি তাইক ক’লে–” মোৰখিনি ক’লো এতিয়া তোৰ ক’ । বিয়া ক’ত হলি? ল’ৰা ছোৱালী কেইটা তোৰ? হাজবেণ্ড কেনেকুৱা । তোৰ দৰেই নে গহীন গম্ভীৰ ।” সাগৰিকাই হাঁহি মাৰি উত্তৰ দিলে–” মোৰ দৰে একেবাৰেই নহয় । কথা খুব কম কয় । মোৰ দৰে চেলচেলাই নাথাকে অনবৰতে ।ঘৰত মানুহজন আছে নে নাই গমেই নাপায় । ”
নীলাক্ষী — ” কলেজ এৰাৰ পৰা একো খবৰেই পোৱা নাই তোৰ । বিয়া পিছে ক’ত হলি আৰু ল’ৰা ছোৱালী কিমান ডাঙৰ হ’ল । ”
-” ল’ৰা এটা । সোতৰ বছৰ । ছোৱালী নাই ” —সাগৰিকাই ক’লে ।
নীলাক্ষী –” এটাতে সামৰি থলি যে আৰু এটা হ’ব দিব লাগিছিল । পিছৰটো কিজানি ছোৱালীয়ে হ’লহেতেন । ”
সাগৰিকাই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক’ব ধৰিলে –” মোৰ স্বামীক তইও চিনি পাৱ, নীলা! হয়তো তোৰ মনত নাই। আচলতে কি জান মোৰ বিয়া প্ৰকৃত বিয়া নহয় । যিজনক সকলোৱে মোৰ স্বামী বুলি জানে তেওঁ স্বামী নহয় দেৱতা । তইতো জানই কলেজত পঢ়াৰ পৰাই ত্ৰিদিপ আৰু মোৰ মাজত প্ৰেম আছিল । ইজনে সিজনক খুব. ভাল পাইছিলো । দুয়ো বহু দূৰ আগবাঢ়ি গৈছিলো । এদিন মই গৰ্ভত তাৰ সন্তান ধাৰণ কৰিছিলো । কথাটো যেতিয়া তাক ক’লো সি মোকহে দোষ দিলে । মই বোলে তাৰ উপৰিও আনৰ লগতো সম্পৰ্ক ৰাখিছো । সেই সন্তান হেনো তাৰ নহয় । সেই সময়ত মোৰ ওচৰত একো উপায় নাইকিয়া হৈ পৰিছিল । কথাটো যেতিয়া ঘৰত গম পালে সকলোৱে মোকেই দোষ দিলে । ঘৰৰ সকলোৱে পৰামৰ্শ দিলে সন্তানটো নষ্ট কৰিবলৈ । নষ্ট কৰিবলৈ ডাক্তৰৰ ওচৰলৈও গৈছিলো । কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল । কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলো । প্ৰতি পলতে মা দেউতাই মোক কথা শুনাই ব্যতিব্যস্ত কৰি তুলিছিল । মূৰে কাম নকৰা হৈছিল । আৰু এদিন হঠাৎ অম্লানক লগ পাইছিলো । অম্লানক সকলো কথা কোৱাত সি মোক আচৰিত কৰি বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল । মই নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাছিলো । তাক মই কৈছিলো –” অম্লান তুমি কি কৈছা গম পোৱা নে । মই আন এজন পুৰুষৰ সন্তানৰ মাক হ’ব ওলাইছো যি মোক প্ৰতাৰণা কৰি আঁতৰি গৈছে । ” তেতিয়া সি মোক কৈছিল –” চোৱা সাগৰিকা মোক ঘৰৰ পৰা বৰকৈ জোৰ কৰি আছে বিয়া পাতিবলৈ । কিন্তু মোৰ বিয়া পতাৰ মুঠেই ইচ্ছা নাই । তুমিতো জানাই কলেজত পঢ়ি থাকোতে কাৰোবাক হৃদয়ৰে ভাল পাইছিলো । কিন্তু কোনো দিনে মুখ ফুটাই ক’ব নোৱাৰিলো । কিন্তু সেই নাৰীয়ে আজিও মোৰ সমস্ত হৃদয় আগুৰি আছে । মোৰ হৃদয়ত আন নাৰীক স্থান দিয়াটো মোৰ পক্ষে সম্ভৱ নহয় । গতিকে যদি আপত্তি নকৰা তেনেহ’লে সমাজৰ দৃষ্টিত মই তোমাৰ স্বামীৰ পৰিচয় ল’বলৈ সাজু আছো । তুমি কথাটো ভাবি চাবা । কাৰণ এইখন সমাজত কলংকৰ বোজা কঢ়িয়াই জীয়াই থকা সহজ নহয় । বৰ্তমান সময়ত দুয়োকে সহায়ৰ প্ৰয়োজন । গতিকে ইজনে সিজনক সহায় কৰাত ক্ষতিতো একো নাই । বৰং তোমাৰ আৰু তোমাৰ ঘৰৰ সন্মানো বৰ্তি থাকিব । তুমি এটা কথাত নিশ্চিন্ত থাকিব পৰা যে তোমাক পত্নীৰ মৰ্যদা দিলেও কোনো দিনে সেই অধিকাৰ তোমাৰ ওপৰত নখটুৱাও । ” কেইবাদিনো অম্লানৰ কথাখিনি চিন্তা কৰি এদিন ৰাজী হৈছিলোঁ । আৰু আজি সোতৰ বছৰে অম্লানৰ পত্নী হৈ পাৰ কৰিলোঁ । এই সোতৰটা বছৰত এদিনো অম্লানে মোৰ শৰীৰ বিচৰা নাই । বৰ সযতনে ৰাখিছে মোক । হয়তো মই বিয়া হৈ যাক স্বামী হিচাপে পালোহেতেন তেৱোঁ কিজানি ইমান কেয়াৰ নকৰিলেহেঁতেন । ” কথাখিনি কৈ সাগৰিকা ৰৈ গৈছিল। একেলেঠাৰিয়ে ইমান সোপা কথা কৈ হয়তো তাইৰ ভাগৰ লাগিছিল ।
নীলাক্ষী –” বৰ আচৰিত ।”
সাগৰিকা — ” আটাইতকৈ ডাঙৰ কথা কি জান? মোৰ অম্লানৰ প্ৰতি প্ৰেম হৈছে । কিন্তু তাক মই খুলি ক’ব নোৱাৰো । হেৰুওৱাৰ ভয় নাই কিন্তু একান্তই নিজৰ কৰি নোপোৱাৰ দুখ এটা আছে । নীলাক্ষী তাতোকৈও আচৰিত কথাটো কি জান? অম্লানে ভালপোৱা সেই ছোৱালীজনী তই ,নীলাক্ষী !”
নীলাক্ষী হতবাক হৈ পৰিছিল। ছায়াছবিৰ দৰে কিছুমান মুহূৰ্ত তাইৰ চকুৰ সমুখেৰে বাগৰি গৈছিল।তাত অম্লানৰ মুখৰ ছবিখনো ভাস্বৰ হৈ জিলিকি আছিল।অথচ তাই সেই ছবিখন
বুজিবলৈ কোনোদিনে চেষ্টাই নকৰিলে।
সেইদিনা নীলাক্ষীয়ে সাগৰিকাৰ পৰা বিদায় লৈ আহিলেও নিজৰ ওচৰতে তাই সহজ হ’ব পৰা নাই। কোনোবাই কাৰোবাক এনেকৈও ভাল পাব পাৰে নে? কোনোদিনে প্ৰকাশ নকৰিলে, অথচ চিৰদিনলৈ বুকুত কঢ়িয়াই লৈ ফুৰিছে! অম্লানে যদি তাইক ইমানেই ভাল পাইছিল তেনেহ’লে এবাৰো কিয় তাইক নজনালে । অম্লানে এয়া বৰ অন্যায় কৰিছে । আনফালে জয়ন্ত যি তাইক পাবলৈ বলিয়ালি কৰি ফুৰিছিল । যাৰ বলিয়ালিবোৰ দেখি এদিন বিয়া হ’ম বুলি কথা দিছিল তাই । তাইক সঁচাই ভাল পাইছিল নে জয়ন্তই । যদি ভালপোৱাত স্বাৰ্থ লুকাই নাথাকে তেনেহ’লে অম্লানহে তাইৰ সঁচা প্ৰেমিক । অম্লানে নিঃস্বাৰ্থ ভাৱে তাইক ভাল পাইছিল , ভালপায় । তাই মনতে থিৰ কৰিলে তাই এদিন অম্লানক লগ কৰিব । বুকুৰ ভিতৰত সঞ্চিত হৈ থকা কথাবোৰ তাৰ আগত খুলি ক’ব । তাই বিচাৰি নোপোৱা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি তাই এদিন অম্লানক লগ কৰিব । আজি তাই এটা কথাত উপনীত হৈছে সেয়া হ’ল জয়ন্তৰ প্ৰতি তাইৰ প্ৰেম নাই । জয়ন্ত আৰু তাইৰ মাজত যি আছে সেয়া বুজাবুজি , এখন চুক্তিৰ দুটা পক্ষ তাই আৰু জয়ন্ত । ক্ৰমাৎ পশ্চিমলৈ বাট বুলা বেলিটোলৈ চাই নীলাক্ষী এটা প্ৰস্তৰ মূৰ্তিৰ দৰে ঠিয় হৈ ৰ’ল ।