হৃদয়ত গুমগুমাই থাকা তুমি – মিনাক্ষী বৰুৱা সূত

হৃদয়ত গুমগুমাই থাকা তুমি

মিনাক্ষী বৰুৱা সূত 
ঘিলামৰা, লখিমপুৰ
(১)
তুমি আকাশ
মই বৰষুণ
য’ত মোৰ
কবিতাবোৰে
অনন্ত আকাশৰ
ফালে চাই
অভিমান কৰিব ।
(২)
তুমি বৰষুণ
মই দুখৰ ছাঁ
তুমি মোৰ দুখৰ
ছাঁইবোৰ উটুৱাই নিবা।
(৩)
তুমি মোৰ হৃদয়ৰ
এজাক চৰাই হোৱা
শেতেলীত থাকোঁতেই
টোপনি ভাঙিবলৈ
গীত গাই শুনাই
দৰদী কণ্ঠই
জগাই তুলিবা ।
(৪)
তুমি ভাগৰ নলগা
নদী হোৱা
গভীৰ আৰু বিশাল
শব্দৰ গীত লিখি
সুৰীয়া কণ্ঠৰ
গৰাকী হোৱা ।
(৫)
তুমি আকাশৰ
গুমগুমাই থকা
শব্দ নহ’বা
চেঁচা বতাহ জাকে
হৃদয়ৰ সুগন্ধি
বিলাই যাব দিয়া ।
(৬)
তুমি কুৱঁলী নহ’বা
অভিমানে নিশাৰ
আভৰণ পিন্ধিব।
(৭)
তুমি নিজকে
সুখী বুলি
বিশ্বাস কৰি ল’বা
তেতিয়া তুমি
সুখী হব পাৰিবা।
(৮)
নিজান ৰাতি
মৈদামত কোনে বিনায়।
সেই আভৰণে
মোক কন্দুৱাই। ।
মোৰ বুকুৰ একোণত
তেওঁ চুই থৈ যায়।
তেওঁ চাগে গমকে নাপায়
মোৰ হৃদয়ত শোকৰ বন্যাই ঠাই পায়।।
আকাশে গাজে
হৃদয়ে চকুলো টুকে।
সেই স্থান কালৰ সোঁতত
মচ নাখায়।।