হীৰুদা তোমাৰ জন্ম দিনত স্মৰণ কৰো
ছেলিমা বেগম
নগাঁও
হীৰুদা তোমাৰ কবিতা বিচাৰি
সুঘ্নাণ পাওঁ কবিতাৰ মাজত,
কবিতাৰ জগতখন চহকী কৰি থৈ
চিৰনিদ্ৰাত শুই আছা হীৰুদা।
সুগন্ধি পখিলা হৈ আকৌ এবাৰ
আহা না সাহিত্য জগতত।
তোমাৰ সৃষ্টি আজি সাহিত্যিক
সকলৰ মাজত জিলিকি আছে
তোমাৰ প্ৰাণৰো প্ৰাণ কবিতা
এৰি থৈ ক’ত হেৰাই আছা।
সুগন্ধি পখিলা হৈ তোমাৰ আত্মাক
পঠিয়াই দিয়া সাহিত্য জগতত।
তোমাৰ সেই সৃষ্টি ৰাজি নৰীয়াত
পৰি কান্দি আছে তুমি বিহীন
কবিতাৰ ছন্দ নিমিলে তোমাৰ
কবিতাৰ ছন্দ বিচাৰি ফুৰিছো
শব্দৰ মাজত আজি তোমাৰ জন্ম
দিনটোত তোমাৰ সেই কলমৰ
চিয়াঁহীৰ দাগ বিচাৰি জন্ম দিনৰ
শুভেচ্ছা জনালোঁ।