হিন্দু সুৰক্ষা সেনা, অসম আৰু লাচিত সেনা, “থলগিৰি”ৰ সংবাদ মেলত অভিযোগ

হিন্দু সুৰক্ষা সেনা, অসম আৰু লাচিত সেনা, “থলগিৰি”ৰ সংবাদ মেলত অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত হিন্দু সুৰক্ষা সেনা,অসম আৰু লাচিত সেনা,থলগিৰিৰ উদ্যোগত যৌথভাৱে এক সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে ৰাজ্যৰ অগ্ৰণী ৰাষ্ট্ৰবাদী ভাবধাৰাৰ জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা,অসমৰ বিৰুদ্ধে এক ন্যস্ত স্বাৰ্থজড়িত মহল ব্যাপক অপপ্ৰচাৰত লিপ্ত হৈছে৷অপপ্ৰচাৰৰ অংশ হিচাপে এই চক্ৰটোৱে সংগঠনটোৰ লগতে সংগঠনটোৰ সভাপতি কাঞ্চন নাথৰ বিৰুদ্ধে ধন দাবী তথা বলপূৰ্বক ধন আদায়ৰ এলানি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এই সংবাদ মেলত তেওঁলোকে স্পষ্ট কৰি কয় যে হিন্দু সুৰক্ষা সেনা অসম অথবা কোনো বিষয়ববীয়া কোনো ধৰণৰ ধন দাবী বা বলপূৰ্বক ধন আদায়ৰ লগত জড়িত নহয়৷ অভিযোগ উত্থাপন কাৰী সকলক তেওঁলোকৰ অভিযোগ প্ৰমাণ কৰি দেখুৱালৈ প্ৰত্যহ্বান জনায়৷ একাংশ কলা বেপাৰীৰ বিৰুদ্ধে সংগঠনটোৱে সক্ৰিয় হৈ উঠাৰ পৰিণতিতে অথবা ইয়াৰ নেতৃত্বই এই অপযশৰ সন্মুখীন হ’বলগা হৈছে৷উক্ত সংগঠনটোৱে এনে অপপ্ৰচাৰৰ বিৰুদ্ধে বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷সংগঠনটোৱে যদি ব্যৱসায় মহলত ধন দাবী কৰিছিল বা বলপূৰ্বকভাৱে ধন আদায় কৰিছিল তেতিয়া সেই সময়ত এই অপপ্ৰচাৰৰ বিৰুদ্ধে উত্থাপন নকৰিলে কিয় বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে৷কিন্তু সেইটো নকৰি তেওঁলোকৰ কু কৰ্ম ধৰা পেলোৱাৰ পিছতহে অভিযোগ উত্থাপন কৰা ঘটনাই প্ৰমাণ কৰে যে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন অথবা কু কৰ্ম ঢাকি ৰখাৰ চেষ্টা চলায় ৷ উক্ত সংবাদ মেলত হিন্দু সুৰক্ষা সেনা,অসমৰ মুখ্য প্ৰবক্তা প্ৰদীপ কলিতা,সভাপতি কাঞ্চন নাথ,উপদেষ্টা ড° শিখা বেজবৰুৱা গোস্বামী,লাচিত সেনা থলগিৰিৰ সভাপতি গগন কলিতা,সাংগঠনিক সম্পাদক জোন ৰাহাং প্ৰমুখ্য কেবাজনো ব্যক্তি উপস্থিত থাকে৷