হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম কেন্দ্রীয় সভাপতি বলেন বৈশ্যৰ অব্যাহতি

হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম কেন্দ্রীয় সভাপতি বলেন বৈশ্যৰ অব্যাহতি, সাধাৰণ পৰিষদৰ সভাত বিদায় সম্ভাষণ জনালে প্রতিখন জিলা সমিতিৰ প্ৰতিনিধিয়ে

সংগঠনটোৰ মুখ্য উপদেষ্টা হিচাপে মনোনীত বলেন বৈশ্য

ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ সময় হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ মজিয়াত হিন্দুত্ব আৰু ৰাষ্ট্ৰীয় আদৰ্শৰে কাম কৰি অহা পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিৰ পদৰ পৰা যোৱা ১৭/০৭/২৪ তাৰিখে অব্যাহতি বিচাৰি কৰ্ণধাৰলৈ পত্ৰ প্ৰেৰণ কৰে। যোৱা ১১ আগষ্ট তাৰিখে কেন্দ্ৰীয় কর্ণাধাৰ সমিতিয়ে আহ্বান কৰা সাধাৰণ পৰিষদৰ সভাত প্ৰতিখন জিলা প্রতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ কৰ্মকত্তা সদস্যবৃন্দ উপস্থিতিত কেন্দ্ৰীয় সভাপতি গৰাকীৰ অব্যাহতি পত্ৰ গৃহিত কৰাৰ লগতে সাধাৰণ পৰিষদৰ সভাই সৰ্ব সন্মতি মৰ্মে তেখেতক পৰিষদৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব অর্পণ কৰে আৰু সংগঠনটোৰ কাম-কাজ চলাই যাবলৈ শ্রী মাধৱ দাসক ভাৰপ্ৰাপ্ত সভাপতি আৰু শ্রী অংশুমান শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন এঘাৰ জনীয়া তদর্থ সমিতি গঠন কৰা হয়। যিহেতু কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়েই পদত্যাগ কৰিলে, গতিকে সংগঠনটোৰ সমূহ জিলা সমিতি নিষ্ক্রিয় হৈ গ’ল সেয়েহে উক্ত সাধাৰণ পৰিষদৰ সভাতে উপস্থিত প্রতিখন জিলা সমিতিৰো আহ্বায়ক সমিতি গঠন কৰি নিযুক্তি প্রদান কৰা হয় বুলি পৰিষদৰ ভাৰপ্ৰাপ্ত কেন্দ্রীয় সভাপতি মাধৱ দাসে বিবৃতিযোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। পৰিষদৰ মজিয়াত বলেন বৈশ্যই সভাপতিত্ব কৰা অন্তিমখন সভাতে সদ্য অব্যাহতি লোৱা বিদায়ী সভাপতি গৰাকীক প্ৰতিখন জিলা সমিতিৰ প্ৰতিনিধিয়ে বিদায় সম্ভাষণ জনাই আৰু চলিত বৰ্ষৰ অহা ২৩, ২৪ আৰু ২৪ নৱেম্বৰত তিনিচুকীয়া জিলাত কেন্দ্রীয় অধিৱেশন আৰু কেন্দ্রীয় লাচিত দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় বুলিও মাধৱ দাসে জানিবলৈ দিয়ে।