হিংসা সাম্প্রতিক সময়ৰ এক সামাজিক ব্যাধি, বিকাশৰ অন্তৰায়
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
“হিংসাৰ গছডাল হৃষ্টপুষ্ট হৈছে
স্নিগ্ধ জগতক জুৰুলা কৰিছে।
শিশু-বৃদ্ধ সৱেই জ্বলি জ্বলি পুৰিছে
নিষ্পাপ কত লোক নিতৌ মৰিছে। “
ক’ৰবাত যদি হিংসা আন ক’ৰবাত মাৰপিট। ক’ৰবাত যদি হত্যা আন ক’ৰবাত যুদ্ধ। মুঠতে নিস্তাৰ নাইকীয়া হ’ল এই জীৱশ্ৰেষ্ঠৰ। চুবুৰী নালাগে আপোন আলসুৱা ঘৰখনৰ পৰাই যদি ভালকৈ চকু দিওঁ, পৰিমাপ কৰোঁ দেখা পাওঁ কেৱলমাত্ৰ হিংসা আৰু হিংসা। পৃথিৱীৰ এটা চুকৰ পৰা আনটো কোণলৈ ভালকৈ জৰীপ কৰিলে দেখা যায় হিংসাৰ নৈখনি অতি বেগেৰে বৈ যোৱা। আমি কথা কওঁতে কি আটকধুনীয়াকৈ কথা পাতোঁ। গোটেই জগতখনেই যেন আপোন কিন্তু প্ৰকৃততে সেয়া সত্য নহয়। মানুহৰ হীন মন-মানসিকতা, ঈর্ষাপৰায়ণতা, সম্পদৰ মোহ, পদমর্যাদাৰ লোভ-লালসা ইত্যাদিৰ বাবে মনত অইনৰ প্রতি যি অস্বস্তিকৰ অনুভূতিৰ জন্ম হয় সেয়াই প্ৰকৃততে হিংসা। এজন মানুহৰ প্ৰতি আন এজন মানুহৰ মনত বিৰক্তি, খঙ, ঘৃণা আদি সৃষ্টি হোৱাৰ মুলতে হয়তো এই হিংসাই কাম কৰে।
অস্থিৰ হৈ শান্তি বিচাৰি হাহাকাৰ জীৱশ্ৰেষ্ঠ। হিংসাৰ মুল কাৰণ হয়তো স্বাৰ্থ। হিংসাই অধিক নেতিবাচক আৱেগ জন্মাব পাৰে। ই ব্যক্তিগত আৰু মধুৰ সম্পৰ্কক প্ৰভাৱিত কৰিব পাৰে। হিংসাই মগজুৰ ৰসায়ন সলনি কৰে। ই গতিৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে দায়বদ্ধ মগজুৰ এলেকাটো উদ্দীপিত কৰে। এই অংশটোৱে আক্ৰমণ আৰম্ভ কৰে আৰু প্ৰতিৰক্ষা বা আক্ৰমণৰ বাবে ঘৃণিত অনুভৱ কৰে। ই “যুঁজ বা উৰণ” সঁহাৰি ও সৃষ্টি কৰে আৰু দুটা হৰমনৰ স্তৰ বৃদ্ধি কৰে: কৰ্টিচোল আৰু এড্ৰেনালিন। এই হৰমনবোৰৰ ফলত ওজন বৃদ্ধি, অনিদ্ৰা, উদ্বেগ, হতাশা, আৰু দীৰ্ঘম্যাদী ৰোগ হ’ব পাৰে। হিংসাই মনক প্ৰতিৰক্ষা প্ৰণালী হিচাপে হিংসা কৰা ব্যক্তিজনে কি কৰিব পাৰে তাৰ পূৰ্বানুমান কৰিবলৈ চেষ্টা কৰিবলৈ ওলায়। ইয়াৰ ফলত অধিক উদ্বেগ, অস্থিৰতা, আৱেগিক চিন্তা, আৰু বিভ্ৰান্তি হয়, যি সামগ্ৰিক মানসিক স্বাস্থ্যপ্ৰভাৱিত কৰে।হিংসা সাধাৰণতে ভয়, নিৰাপত্তাহীনতা বা অবিশ্বাসৰ পৰা উদ্ভৱ হয়। নিজকে আনৰ সৈতে তুলনা কৰিলে হয়তো কেতিয়াবা এই দুৰাৰোগ্য ৰোগত যিকোনো মানুহেই আক্রান্ত হ’ব পাৰে। হিংসা সাধাৰণতে কেইবা ধৰণৰ বুলি কোৱা হয়–শাৰীৰিক হিংসা,যৌন হিংসা মানসিক হিংসা, অৱহেলা আদি।
ডব্লিউ.আৰ.ভি.এইচ.-ৰ বিশ্ব স্বাস্থ্য সংস্থাই হিংসাক “নিজৰ, আন এজন ব্যক্তি, বা গোট বা সম্প্ৰদায়ৰ বিৰুদ্ধে শাৰীৰিক শক্তি বা শক্তিৰ ইচ্ছাকৃত ব্যৱহাৰ, ভাবুকি বা প্ৰকৃত ব্যৱহাৰ বুলি সংজ্ঞায়িত কৰে, যাৰ ফলত আঘাত, মৃত্যু, মানসিক ক্ষতি, দুৰ্বিকাশ হোৱাৰ সম্ভাৱনা অধিক হয়। “
হজৰত মোহাম্মদ (ছ:) য়ে কৈছে, “তোমালোক পৰস্পৰে পৰস্পৰৰ বিদ্বেষ নকৰিবা, হিংসা নকৰিবা, ষড়যন্ত্র নকৰিবা ও সম্পর্ক ছিন্ন নকৰিবা। তোমালোক পৰস্পৰে পৰস্পৰৰ আল্লাহৰ বান্দা হিচাপে ভাই ভাই হৈ যোৱা” তেখেতে আৰু কৈছে, ” জুয়ে যিদৰে খৰিক পুৰি ছাই কৰি দিয়ে, সেইদৰে হিংসাই মানুহৰ নেক/পুণ্যক ছাৰখাৰ কৰি দিয়ে।”
Bhagavad Gita teaches ” God wants human beings to never obstruct life of other living beings through thought, word, or deed and he calls this attribute as Non-violence. Further, in Chapter 10, Verse 4-5, God says, among 20 emotions, non-violence is one of the emotions that is created by Him only.” অৰ্থাৎ ঈশ্বৰে বিচাৰে যে মানুহে কেতিয়াও চিন্তা, বাক্য বা কাৰ্য্যৰ জৰিয়তে আন জীৱৰ জীৱনত বাধা নিদিয়ে আৰু তেওঁ এই গুণটোক অহিংসা বুলি কয়। ইয়াৰ উপৰিও, ৪-৫ নং অধ্যায়ত ঈশ্বৰে কয় যে ২০ টা আৱেগৰ ভিতৰত অহিংসা হৈছে কেৱল তেওঁৰ দ্বাৰা সৃষ্টি কৰা এক আৱেগ।
Aristotle defines, “Violence is seen as a kind of necessity, which is associated with the suppression of ‘will,’ freedom, something ‘frustrating desire’ and contrary to ‘common sense,’ as well as the absence of ‘good.” অৰ্থাৎ হিংসাক এক প্ৰকাৰৰ প্ৰয়োজনীয়তা হিচাপে দেখা যায়, যি ‘ইচ্ছা,’ স্বাধীনতা, কিবা ‘হতাশাজনক আকাংক্ষা’ আৰু ‘সাধাৰণ জ্ঞান’ৰ বিপৰীতে আৰু লগতে ‘ভাল’ৰ অনুপস্থিতিৰ সৈতে সম্পৰ্কিত।
Newman defines, a series of events, the course of which or the outcomes of which, cause injury or damage to persons or property. অৰ্থাৎ ঘটনাৰ এক শৃংখলা, যাৰ গতিপথ বা ফলাফলে ব্যক্তি বা সম্পত্তিৰ আঘাত বা ক্ষতি কৰে।
হিংসুক ব্যক্তিয়ে অন্যৰ ক্ষতি কৰাৰ আগতে নিজেকে ক্ষতিগ্রস্ত কৰে। কিয়নো আৰম্ভণিতে সি/তাই নিজেই হিংসাৰ জুইত জ্বলি থাকে। হিংসা আঁতৰ নোহোৱা পর্যন্ত এইটোৱেই তেওঁৰ/তাইৰ কঠোৰ শাস্তি। হিংসুকৰ মন সর্বদা মলিন থাকে। তেওঁৰ/তাইৰ লগত নিজৰ পৰিবাৰ-পৰিজনৰেই হাঁহি ও আনন্দ নাথাকে । অন্যেৰ ক্ষতি কৰাৰ চক্রান্ত ও ষড়যন্ত্রৰ বাবে সর্বদা ব্যস্ত থাকে। প্রতিপক্ষৰ প্ৰতি আক্ৰমণৰ ভয়ে সর্বদা স্তব্ধ ও ভীত হৈ থাকে। হিংসুক ব্যক্তি সর্বদা কল্পিত শত্রুৰ ভয়ে শংকিত থাকে। তেওঁৰ/তাইৰ অন্তৰ সদায় সংকুচিত থাকে। ভাল আৰু সৎ বন্ধুবোৰ আঁতৰি তেওঁৰ/তাইৰ দৰে কঠোৰ বন্ধু হয়। ফলত সৎ চিন্তা, সৎ কৰ্মৰ পৰা বঞ্চিত হয়। ঘুণ পোকে যেনেদৰে বাঁহৰ ভিতৰৰ পৰা লাহে লাহে খায় শেষ কৰি দিয়ে,সেইদৰে হিংসুক ব্যক্তিৰ অন্তৰক হিংসাৰ জুয়ে তিলে তিলে পুৰে। এটা সময়ত সি/তাই ধ্বংস হৈ যায়, যিদৰে ঘুণে ধৰা বাঁহ হঠাৎ ভাঙি যায়। এইদৰে হিংসাৰ জুইত জ্বলি-পুৰি মৰে।
এই দুৰাৰোগ্য ৰোগত পৰিলে তাৰ পৰা উদ্ধাৰ হোৱা বৰ জটিল। তথাপি আমি মানুহ, আমি জীৱশ্ৰেষ্ঠ। সেয়েহে চেষ্টা কৰিলে সকলো সম্ভৱ। বিশেষকৈ আমি খঙ পৰিহাৰ কৰা উচিত। তাৰ পৰিৱৰ্তে আমি মৰম আৰু ভালপোৱাৰে যিকোনো কাম কৰিবলৈ প্ৰয়াস কৰা দৰকাৰ। কোনো সমস্যাৰ উদ্ভৱ হ’লে আমি সমস্যাটো উপেক্ষা কৰাৰ সলনি সমস্যাটোৰ সন্মুখীন হ’ব লাগে আৰু সমস্যাটোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগে। যদিহে আপুনি নিজকে নিয়ন্ত্রণ কৰাত বাৰে অপাৰগ হৈছে তেন্তে আপুনি এজন থেৰাপিষ্ট বা পৰামৰ্শদাতাৰ সহায় বিচৰাটোও বিবেচনা কৰিব পাৰে। তেওঁলোকে আপোনাৰ আৱেগ আৰু ঘৃণাৰ উৎপত্তি বুজিবলৈ আপোনাক মূল্যায়ন কৰিব পাৰে। চিকিৎসাত সাধাৰণতে নেতিবাচক আৱেগ নিয়ন্ত্ৰণ কৰাত আৰু মোকাবিলা কৰাৰ প্ৰণালী বিকশিত কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়া অন্তৰ্ভুক্ত থাকে। প্ৰয়োজন হ’লে ঔষধ ৰখা হ’ব পাৰে।