হাদিৰাচকীত বৰষুণ
এছ ইছলাম, শিক্ষক, বৰপেটা
ধাৰাসাৰে বৰষুণ পৰে
বুৰি যায় নৈ জান-জুৰি
পানীত সাঁতুৰি ফুৰে
চৌদিশৰ বাটপথ ধাননি ।
লুইতৰ চৰ-চাপৰি
হৈ যায় বিশাল সাগৰ
পশুধন গৰু-ছাগলী হাঁহ-কুকুৰা
কত যে প্ৰাণী মৰে পানীত সাঁতুৰি !
বন্যাৰ তাণ্ডৱত অট্টহাঁহিৰ কিৰিলি পাৰে
বেঁকী-লুইতৰ গৰা খহে
পৃথিৱীৰ মানচিত্ৰত হেৰুৱায় ঠিকনা-
মইনবৰী-হাদিৰাচকী
কিম্বা ঐতিহাসিক ফুলৰা-চতলা ।
বিচাৰি বিচাৰি ভাগৰি যাওঁ
নিজৰেই মৰমৰ গাঁও
চিলাটিং পাহাৰৰ টিং আজিও দেখা পাওঁ।
ইয়াতেই হাদিৰাচকী
মান-আহোমৰ ৰণৰ থলী
ৰিণি ৰিণি মনত পৰে
মনোমতীহঁতৰ হৃদয়ৰ উচুপনি।
শুনিলে বৰ্বৰ মানৰ কথা
হৃদয়ত লাগে ব্যথা
কঁপি উঠে মৃতকৰ আত্মা
শিশুৰ কান্দোন ভাগে
ভূত-প্ৰেতো পলায়ন কৰে ইফালে-সিফালে।
পৰাক্ৰমী চন্দ্ৰকান্ত সিংহ
দুৰ্দান্ত মানৰ স’তে
প্ৰাণপনে যুঁজিল শেষ ৰণ
অস্তিত্ব ৰক্ষাৰ আৰু
আমাৰ স্বাধীনতা-স্বাভিমান
ছহিদ হ’ল কত অসমৰ বীৰ জোৱান
আহোম, শিখ আৰু হিন্দু-মুছলমান
সকলোকে আজি জনাঁও প্ৰণাম।