হাটশিঙিমাৰীত ১২জন বাংলাদেশী আটক

হাটশিঙিমাৰীত ১২জন বাংলাদেশী আটক

ৰঙিলী বাৰ্ত্তাসেৱা-  হাটশিঙিমাৰীত আটক ১২ জনকৈ বাংলাদেশী নাগৰিক।এক গোপন খবৰৰ ভিত্তিত সীমান্ত শাসাৰ উপ আৰক্ষী অধীক্ষক ইছলাম উদ্দিনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ফুলেৰচৰৰ পৰা আটক কৰিছে এই বাংলাদেশী অনুপ্ৰৱেশকাৰী কেইজনক।আৰক্ষীয়ে প্ৰকাশ কৰা মতে কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ মেঘালয়ৰ ডাউকী ভাৰত-বাংলা সীমান্তয়েদী অবৈধভাৱে তেওঁলোকে ভাৰতৰ ভূমিত প্ৰবেশ কৰিছিল। যোৱা এক দীঘলীয়া সময় তেওঁলোকে তামিলনাডুত শ্ৰমিক হিচাপে কাম কৰি আছিল। মঙ্গলবাৰে পুনৰ বাংলাদেশলৈ উভতি যোৱাৰ চেষ্টা কৰাৰ সময়তে তেওঁলোক আৰক্ষীৰ জালত পৰে। আটকাধীন বাংলাদেশী নাগৰিক কেইজনৰ ভিতৰত ৯ জনৰ পৰাই আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড জব্দ কৰে। আটকাধীন বাংলাদেশী কেইজন ক্ৰমে বাংলাদেশৰ ঢাকা জিলাৰ মোহাম্মদ আৰিফুল ইছলাম, গাইদান্ধা জিলাৰ মনিৰ হুছেইন , নওসন্দি জিলাৰ মোহাম্মদ মিজানুৰ ৰহমান , কুডিগ্ৰাম জিলাৰ আশ্ৰাফুল ইছলাম, জামালপুৰ জিলাৰ মানিক মিঞা, ময়মনসিং জিলাৰ নবি হাছান), আবায়াদুল্লা হাছান, ৱালিউল উল্লা, মফাজল হুছেইন, হজৰত আলী, শপিকুল ইছলাম আৰু ফৰকান আলী বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে । উল্লেখ্য যে, নিশাৰ ভাগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে বি এছ এফৰ সহযোগত হাটশিঙিমাৰীৰ শিশুমাৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথেদি নীতি নিয়মৰ মাজেদি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিছে বুলি জানিব পৰা গৈছে।