হাজোত অগপৰ সাংগঠনিক সভাত প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা, জ্যোতিপ্ৰসাদ দাসঃ কংগ্ৰেছ পঞ্চায়ত সভানেত্ৰী অগপত যোগদান
অক্ষয় মেধি ,হাজো,বাৰ্ত্তাসেৱা- অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আঞ্চলিক দল অসম গণ পৰিষদক নি:শেষ কৰাৰ উদ্দেশ্যে ৰাজনৈতিক ভাৱে কেইবাটাও পাবত গজা আঞ্চলিক দলৰ জন্ম দিলে। কিন্তু সমগ্ৰ অসমবাসী জনসাধাৰণে অসম গণ পৰিষদকে এক মাত্ৰ আঞ্চলিক দল বুলি স্বীকৃতি দি আহিছে আৰু অনাগত দিনতো দি থাকিব। সম্প্ৰতি ৰাজ্যখনত যি কেইটা পাবত গজা আঞ্চলিক দলৰ আবিৰ্ভাৱ হৈছিল, সেই কেইটা নি:শেষ হবলৈ আৰু অধীক সময় নালাগিব — এই বক্তব্য অগপৰ প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাৰ। অসম গণ পৰিষদ হাজো বিধান পৰিষদৰ এক সাংগঠনিক সভা সম্বোধন কৰি এনেদৰে উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী ডাঃ কলিতাই। অগপৰ হাজো পঞ্চতীৰ্থ ভৱনত হাজো বিধান পৰিষদৰ সভাপতি প্ৰদীপ বৰাৰ পৌৰোহিত্বত অনুস্থিত সভাত প্ৰাক্তন মন্ত্ৰী ডাঃ কলিতাই দলীয় কৰ্মী সকলক আহ্বান জনায় কয়, আগন্তুক দিনত হাজো বিধান সভা সমষ্টিত এশ গৰাকী কৰ্মী যদি উলিয়াই দিব পাৰে, তেন্তে অনাগত দিনত হাজো বিধান সভা সমষ্টিটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হম। পঞ্চায়ত পৰ্যায়ত দলৰ স্থিতি মজবুত কৰিব পাৰিলেহে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণত নামিবলৈ সমৰ্থ হম। এইটো সকলোৱে জ্ঞাত যে, অসম গণ পৰিষদ জীয়াই থাকিলেহে অসমীয়া জাতি, সংস্কৃতি জীয়াই থাকিব। হাজো বিধান পৰিষদৰ সম্পাদক বলি কলিতা আৰু তথ্য-প্ৰযুক্তি বিভাগৰ সম্পাদক আতাউৰ ৰহমানে আত ধৰা এই সভাতে প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসে কয়, অসম গণ পৰিষদ দল বৰ্তমান চৰকাৰৰ অংশিদাৰ। সেয়ে আমি গৌৰৱবোধ কৰিব লাগিব। অনাগত দিনতো বিজেপিৰ সৈতে অগপ মিত্ৰতাত থাকিব, এয়া নিশ্চিত। অগপৰ প্ৰায় শতাধিক দলীয় নেতা-কৰ্মীৰ উপস্থিতিত এই সভাতে প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে দলীয় নেতা- কৰ্মী সকলক উদ্দ্যেশি দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ আহ্বান জনায় আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিবলৈ অনুৰোধ জনায়। সভাত অগপৰ তথ্য-প্ৰচাৰ সম্পাদক ড: তপন দাসেও দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ দলীয় নেতা-কৰ্মী সকলক আহ্বান জনায়। এই সভাতে হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত দামপুৰ গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত সভানেত্ৰী ৰেছমিন বিনতে আলতাফে আনুষ্ঠানিক ভাৱে অগপ দলত যোগদান কৰে। সভাই চলিত মাহৰ ভিতৰতে হাজো বিধান পৰিষদ খন নতুনকৈ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।