হাউলীত ড্ৰাগছ সৰবৰাহকাৰী আটক

pc- National institute on drugs abuse

হাউলীত ড্ৰাগছ সৰবৰাহকাৰী আটক

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটা জিলাৰ অন্তৰ্গত হাউলী বজাৰৰ মাজ মজিয়াত দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে হাউলী আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ২টা চাবোনৰ প্লাষ্টিক ভৰ্তি ড্ৰাগছৰ পেকেট দুটা উদ্ধাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী দু‌জন হাউলী নগৰঝাৰৰ খাইৰুল ইছলাম আৰু আন এজন কৈমাৰীৰ আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে। কৰায়ত্ব হোৱা ড্ৰাগছ মাফিয়াজনক ইতিমধ্যে হাউলী আৰক্ষীয়ে আটক কৰি ড্ৰাগছ খিনি জোখমাপ কৰি আছে । ড্ৰাগছ খিনি আজিজুৰ ৰহমান আৰু খাইৰুল ইছলামে খুছুৰাকৈ বিক্ৰী কৰাৰ উদ্দেশ্যে হাউলীস্থিত বিটিচি ৰোডৰ বম্বে বাৰৰ ওপৰত ৰৈ আছিল বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।