হাইকু – গীতালি গোস্বামী

হাইকু

গীতালি গোস্বামী, মানপাৰা

১) ভদীয়া বানে নাঙঠ পৃথিৱীখনক কলে “শৰৎ আহি আছে।”

২) আশী বছৰীয়া ককাই পাঁচ বছৰীয়া নাতিটোক বলে,” এই ফালেকে আমাৰ শৈশৱৰ নৈখন বৈ গৈছিল।

৩) দ্বিপান্বীতাৰ ৰাতি.. এঘৰত জ্বলে বিজুলী বাতি, আন ঘৰত জ্বলে চকুলোঁৰ চাকি।

৪) পদূলি মূৰত ৰৈ থকা আইতাজনীয়ে ক’লে, মোৰ সোণমইনা আহিব।”