হাঁহি
কবিতা চৌধুৰী
নলবাৰী
“আজিৰ পৰা হোমৰ জুইক সাক্ষী কৰি আমি দুয়োৱে একেলগে সুখে-দুখে থাকিবলৈ পন কৰিলো “–পুৰোহিতে মন্ত্ৰ উচ্চাৰণৰ লগতে দৰা-কইনাক অসমীয়াতে কব দিয়া কথাষাৰ শুনি যোৱা চাৰি বছৰে অনুপৰ লগত লিভ ইনত থকা কৃষ্ণাই আমোদ পাই ওৰণিৰ তলতে হাঁহিব ধৰিলে ।