হাঁহিও হ’ব পাৰে জীৱনৰ অমৃত – বাহাৰুল ইছলাম

PC - Good Housekeeping
হাঁহিও হ’ব পাৰে জীৱনৰ অমৃত
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
“হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুলোৰে নহয়
কৰ্মেৰে যুগজয়ী হোৱা
প্ৰতিশ্ৰুতিৰে নহয়। “
হাঁহি সু-স্বাস্থ্যৰ মহৌষধ। হাঁহি হয়তো প্ৰকৃতিৰ অন্যতম উপহাৰ। হাঁহিৰে জীৱনৰ সকলো দুখ আঁতৰ কৰিবলৈ সক্ষম হয়। যিকোনো জটিল পৰিস্থিতিত পৰি মানুহে কেতিয়া যে হাঁহিবলৈ পাহৰি যায় গমকে নাপায়। শিশুৰ পৰা বৃদ্ধলৈ প্ৰায় প্ৰতিজন ব্যক্তিয়ে হয়তো হাঁহি ভাল পায়। কিন্তু কিছুমান পৰিস্থিতিয়ে হয়তো এই সুন্দৰ মহৌষধ কাঢ়ি নিয়ে। নব্যজাত শিশু এটিয়ে যেতিয়া মাকৰ মুখলৈ চায় হাঁহে, সেই মনোমোহা দৃশ্যই মাকৰ চৰম বেদনাক পাহৰাই। আনকি আনুসাঙ্গিক সকলোৰে মন কাঢ়ি নিয়ে। লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে আনৰ কোলালৈ হাঁহি মাৰি আগুৱাই যায়।যেতিয়া দুই এটা দাঁত গজে,সেই হাঁহিও আৰু আকৰ্ষণীয় হয়।
“হাঁহিৰে ভৰপূৰ সংসাৰ গঢ়া
তিক্ততাৰে নহয়,
“মৌসনা মিঠা মাতেৰে আগুৱাই যোৱা
অশ্লীলতাৰে নহয়।”
এই হাঁহি হৈছে মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বলতম আৰু মূল্যৱান অলংকাৰ । হাঁহিয়ে মানুহক সুখী কৰে । হাঁহিয়ে স্মৃতি শক্তি, বুদ্ধি- বিচাৰ আৰু সৃজনী শক্তিৰো বৃদ্ধি কৰে । মগজুৰ Limbic System – এ আমাৰ হাঁহি নিয়ন্ত্ৰণ কৰে ।    ৱাণ্ডাৰবিল্ট ইউনিভাৰ্ছিটিৰ এগৰাকী গৱেষকৰ মতে, দৈনিক ১০- ১৫ মিনিটকৈ হাঁহিলে আমাৰ ৫০ কেলৰি শক্তি দহন হয় । ফলত ষ্ট্ৰ’ক আদি জটিল আৰু ভয়ংকৰ হৃদৰোগৰ পৰা ৰক্ষা পাব পাৰি । কিয়নো ১০০ বাৰ উচ্চ স্তৰত হঁহা ১৫ মিনিট চাইকেল চলোৱাৰ সমান । যিয়ে জীৱনত কেতিয়াও নাহাঁহে অথবা খুব কমকৈ হাঁহে তেওঁলোক হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা দৈনিক হঁহা লোকতকৈ ২১ শতাংশ বেছি আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনীয়তা ৬০ শতাংশ বেছি । নৰৱেৰ এটা বিশেষজ্ঞৰ দলে ৫৩,৫৫৬ জন পুৰুষ আৰু মহিলাক লৈ ১৫ বছৰ ধৰি এটা সমীক্ষা চলাই দেখিছে যে নিয়মিত হঁহাৰ অভ্যাসে মহিলাসকলৰ ক্ষেত্ৰত যিকোনো কাৰণত হ’ব পৰা মৃত্যুৰ হাৰ ৪৮ শতাংশ হৃদৰোগৰ বাবে হ’ব পৰা মৃত্যুৰ হাৰ ৭৩ শতাংশ আৰু বীজাণু আক্ৰমণৰ পৰা মৃত্যুৰ হাৰ ৮৩ শতাংশ পৰ্যন্ত হ্ৰাস কৰে । হাঁহিলে ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (Blood Suger) নিয়ন্ত্ৰণত থাকে । ৰক্ত প্ৰৱাহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়।
বিখ্যাত সাংবাদিক খুশৱন্ত সিঙে কৈছে, “ভাৰতত কেৱল বঙালী আৰু পঞ্জাৱী বোৰেহে হাঁহিব জানে। বঙালীবোৰে হাঁহে আনৰ ওপৰত আৰু পঞ্জাৱীবোৰে হাঁহে নিজৰ ওপৰত।” লক্ষ্মীনাথ বেজবৰুৱাৰ মতে, “অসমীয়া মানুহে হেনো হাঁহিবই নেজানে।” সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই কৈছিল, ‘‘জীৱনৰ অৰ্থই হ’ল হাঁহি৷ তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল’বা আৰু কান্দোনখিনি নিজে লুকুৱাই থ’বা৷ তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ’বা৷’’
“One of the best medicines at the moment is having a laugh and having some fun, even if it’s just for five minutes,” — McCarthy
“একমাত্র হাঁহিয়ে অমূল্য উপহাৰ
ৰাখে দেহ-মন সবল,
মাথোঁ হতাশ লৈ চলিলে জীৱনত
হয়তো হ’বা বিফল।”
হয়, এই হাঁহি হৈছে জীৱনৰ অমৃত। জীৱনৰ নামৰ গ্ৰন্থ খনৰ প্ৰতিটো পৃষ্ঠাতে থাকিব পাৰে ঘাত, প্ৰতিঘাত, সংঘাত, তিতা-মিঠা অভিজ্ঞতাৰে ভৰপূৰ। তাৰ মাজতে আমি অতিবাহিত কৰিছোঁ জীৱনৰ ক্ষণ। হাঁহিয়ে আমাৰ অঙ্গ উদ্দীপিত কৰিব পাৰে। হাঁহিয়ে আমাৰ অক্সিজেন সমৃদ্ধ বায়ু গ্ৰহণ বৃদ্ধি কৰে, আমাৰ হৃদযন্ত্ৰ, হাঁওফাঁও আৰু পেশী উদ্দীপিত কৰে, আৰু আমাৰ মগজুৰ দ্বাৰা মুকলি হোৱা এণ্ডোৰ্ফিন বৃদ্ধি কৰে। আমাৰ মগজুৰ চাপৰ সঁহাৰি সক্ৰিয় আৰু উপশম কৰে। অস্থিৰ দেহ শান্ত হয়, জীৱন মধুময় হয়। আমি সকলোৱে অৱগত যে, এই জীৱন কচুপাতৰ পানী সদৃশ। কেতিয়া যে জীৱনৰ অন্ত পৰে আমি কোনেও নাজানোঁ। এনে  ক্ষন্তেকীয়া জীৱনত বেছি হতাশত ভুগিনো কৰিম কি অথবা বেছি ব্যস্ত হৈ কৰিম কি? সত্য আৰু ন্যায়ৰ পথত ঐক্যবদ্ধ হৈ থাকি হাঁহিৰে জীৱন গঢ়িলে হয়তো জীৱনৰ আচল মাদকতা উপভোগ কৰিব পাৰিম। আহক আমি সকলোৱে এই ব্যস্ততাপূূৰ্ণ আৰু সুখ-দুখৰ জীৱনতো প্ৰতিদিনে অকণমান হ’লেও হাঁহো আৰু আনক হঁহাও।