হত্যাকাৰীক বিচাৰি মহানগৰ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা

Pc ETV Bharat

হত্যাকাৰীক বিচাৰি মহানগৰ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- কোনে-কিয় হত্যা কৰিলে পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক?পাঞ্জাবাৰীৰ ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সামান্য ক্লু এটাও বিচাৰি নাপালে মহানগৰ আৰক্ষীয়ে।আৰক্ষীয়ে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে যদিও বৰ্তমান লৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই।হত্যাকাৰীক বিচাৰি মহানগৰ আৰক্ষীয়ে এইবাৰ ঘোষণা কৰিছে পুৰস্কাৰ। ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ।অৱশ্যে সন্ধান দিওতাৰ নাম গোপনে ৰখাৰ প্ৰতিশ্ৰুতিও দিছে মহানগৰ আৰক্ষীয়ে।আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিবৰ বাবে এটা হোৱাটছ এপ নম্বৰ মুকলি কৰি দিছে।এই হোৱাটচ এপ নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।