হতাশা
Depression অৰ্থাৎ হতাশা।প্ৰায়েই মানৱ জীৱন এই শব্দটোৰ লগত চিনাকি।পৃথিৱীত খুব কম মানুহৰ জীৱনতহে হতাশা নহাকৈ থাকে।খৰিভাৰীৰ পৰা ৰজালৈকে সকলোৱেই হতাশাত ভোগে।এই মাৰাত্মক ৰোগ বুলি ক’লেও ভুল নহয়।হতাশা আহিলে জীৱনটো অৰ্থহীন যেন লাগে।মানসিক ভাবে ইমানেই ভাগি পৰে যাৰ ফলত জীৱনৰ অভাৱনীয় সিদ্ধান্ত ল’বলৈও কুণ্ঠাবোধ নকৰে।উৎসাহ,উদ্দীপনা,আকাংক্ষা, সাহস , কৰণীয় একো নাইকীয়া যেন অনুভৱ হৈ জীৱন চাৰিওফালে অন্ধকাৰময় যেন দেখে।বাস্তৱিক নীতি সমূহ পাহৰি যায়।
বিশ্লেষণ কৰি চালে দেখা যায় হতাশা বিভিন্ন কাৰণত আহে।বিশেষকৈ পৰীক্ষাত আশানুৰূপ ফলাফল নাপালে।এইবাৰ ছাত্ৰ-ছাত্ৰীসকল সাংঘাটিক ভাবে হতাশাত ভুগিছে।তেওঁলোকৰ পৰীক্ষাহীন ফলাফলে মনলৈ হতাশা অহাতো স্বাভাৱিক।তদুপৰি উপযুক্তভাৱে নিজক প্ৰতিস্হিত কৰিব নোৱাৰিলে, আৰ্থিক দুৰ্বলতা, ব্যৱসায়ত লোকচান, ভবামতে কামবোৰত আগ নাবাহিলে,দেখাত শুৱনি নহ’লে,সময়মতে জীৱন সংগী অৰ্থাৎ পচন্দৰ নহ’লে,বাৰে বাৰে সমস্যাই জুৰুলা কৰিলে ইত্যাদি অনেক কাৰকে হতাশা আনিব পাৰে।
হতাশাত ভুগি জীৱনটো হৈ পৰে সংঘাতময়।ই মানৱ জীৱনৰ স্বপ্নৰ জগত খনক মোহাৰি আনে,আশাই বাট ভেটে,আকাংক্ষিত মনৰ ডেউকা ভাঙে, মন খেলিমেলিৰ সৃষ্টি কৰি মন মগজুক ক্ষন্তেকৰ বাবে পঙ্গু কৰি তোলে।কিন্তু এনে অৱস্থাত যিমানেই হতাশা আহক তথাপি আঁতৰাই নিবলৈ আমিয়েই যত্ন কৰিব লাগিব।এটা কথা জনা উচিত যিমানেই আন্ধাৰ নামিব সিমানেই আকাশৰ তৰাবোৰে উজ্জ্বল হৈ পৰিব।গতিকে এক গভীৰ বিশ্বাসেৰে জীৱনৰ হতাশা নামৰ অন্ধকাৰ অৱস্হাক আঁতৰ কৰিবই লাগিব।হতাশক প্ৰশ্ৰয় নিদিয়াকৈ কি প্ৰকাৰে সমস্যাক সমাধানৰ ৰাস্তালৈ আনিব পাৰি তাৰ প্ৰতি চিন্তা কৰিব লাগিব।
বিখ্যাত মণীষী সকলৰ জীৱনী অধ্যয়ন কৰিলে গম পোৱা যায় যে তেওঁ লোকৰ বহুতৰে জীৱন সুখকৰ নাছিল।নানান ঘাট-প্ৰতিঘাত অতিক্ৰম কৰি হতাশাক জয় কৰি তেওঁ লোকে আত্মবিশ্বাস আৰু প্ৰৱল ইচ্ছাশক্তি য়ে জীৱনৰ সোণোৱালী পথ বান্ধি ব পাৰিছিল।সেয়ে পৰাজয়ৰ পিছত হে জয়ৰ ধ্বনি, দুখৰ মাজত সুখ, আঁউসীৰ পিছত পূৰ্ণিমাৰ দৰে হতাশাৰ পিছত সুস্হিৰতাৰে গতিশীল অৱস্থা আহি প্ৰভাত হ’ব।
ইচ্ছা শক্তিয়ে ব্যক্তিৰ ব্যক্তিত্ব বঢ়াই তোলে। আচলতে অসম্ভৱ ,নজনা, নুশুনা, নোৱাৰো বুলি একো নাই।মাথোঁ অধ্যয়ন, অধ্যৱসায়,একাগ্ৰতা, দৃঢ়তা আৰু নিয়মীয়া শাৰীৰিক ব্যায়াম আদিয়ে আমাৰ পৰা হতাশা দূৰ কৰিব পাৰিব।
মুঠতে অত্যাধিক চিন্তাৰ বোজাৰে মানসিক ভাৰসাম্য হেৰুৱাই অনিদ্ৰা,অস্হিৰতা,অনিহা আদিৰে শৰীৰ আৰু মনৰ ক্ষতি হ’বলৈ নিদি মানৱ জীৱনটো সুন্দৰ আৰু সুখকৰ কৰি ৰাখিব লাগে।
ৰূপালী মহন্ত
দেৰগাঁও