সৰ্বভাৰতীয় পিছপৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ কৰ্মচাৰী ফেডাৰেশ্যনেৰ ২৫ মে’ত ভাৰত বন্ধৰ আহ্বান 

pc The Indian express

সৰ্বভাৰতীয় পিছপৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ কৰ্মচাৰী ফেডাৰেশ্যনেৰ ২৫ মে’ত ভাৰত বন্ধৰ আহ্বান 

ৰঙিলী বাৰ্ত্তাসেৱা- সৰ্বভাৰতীয় পিছপৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ কৰ্মচাৰী ফেডাৰেশ্যনে (বিএএমচিইএফ) ২৫ মে’ত ভাৰত বন্ধৰ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) বাবে জাতি-আধাৰিত লোকপিয়ল অনুষ্ঠিত নকৰাৰ বাবে ইয়াক আহ্বান জনোৱা হৈছে। বি.এ.এম.চি.ই.এফ.-য়ে নিৰ্বাচনত ই.ভি.এম. ব্যৱহাৰ আৰু ব্যক্তিগত খণ্ডত অনুসূচীত জাতি/অনুসূচীত জনজাতি/ও.বি.চি.-ৰ বাবে সংৰক্ষণৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছে।