সৰিপৰা মানেইতো কেৱল বিষাদ নহয় – দেৱজিৎ হাজৰিকা

সৰিপৰা মানেইতো কেৱল বিষাদ নহয়

দেৱজিৎ হাজৰিকা
বৰপথাৰ মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ
বৰপথাৰ, গোলাঘাট

সৰিপৰা মানেইতো কেৱল বিষাদ নহয়
সেইয়া শেৱালিয়ে জানে..

তলসৰা শেৱালীও কবিতা ৰছে
শেৱালিৰ ফুলক সুধিবা চোন…

নিয়ৰৰ পৰসত দুৱৰিৰ সতে
জীৱন সেষৰ হাহোন
কিদৰে মাৰে…।

মই অনুভৱ কৰো…
তোমাৰ প্ৰতিটো পাহিৰ
মৌনতাৰ শোকত
মোৰ বুকু ৰিম ৰিম কৈ বিষাই