“সৰস্বতী পূজা “- হিমাদ্রী বৰকটকী

p.c.-Hindustan Timess

“সৰস্বতী পূজা “

” সৰস্বতী সৰস্বতী
আমি বোলো সৰস্বতী
লোকে বোলে আই
যি খিনি পাহৰোঁ
দিবা সোঁৱৰাই “

সৰস্বতী দেৱী হ’ল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী।
সৰস্বতীক শ্বেতপদ্মা , বাগদেৱী , বীণাপাণি আদি নামেৰে জনা যায় । সৰস্বতীৰ বাহন হ’ল বগা ৰাজহাঁহ ।
মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পতা হয় । এই তিথিক পঞ্চমী পূজা বুলিও কোৱা হয়। সৰস্বতী পূজা সাধাৰণতে বিদ্যালয় , মহাবিদ্যালয়ত পতা হয়। নিৰ্দিষ্ট বিধি – বিধান মতে পূজাৰীয়ে সৰস্বতী পূজা কৰে আৰু লগতে হোমাগ্নি ( হোম) দিয়া হয় ।
সৰস্বতী দেৱীৰ ওচৰত প্ৰসাদ হিচাবে ফলমূল, মাহপ্ৰসাদ , পায়স আদি প্ৰদান কৰা হয় । সকলো ছাত্ৰ – ছাত্ৰীয়ে মিলি ভক্তি ভাৱে পূজা অৰ্চনা কৰে আৰু সৰস্বতী বন্দনা , শ্লোক আদি পাঠ কৰে । লগতে দেৱীক পুষ্পঞ্জলি প্ৰদান কৰা হয় । ছাত্ৰ – ছাত্ৰীসকলে বাগদেৱীৰ ওচৰলৈ মহা আনন্দৰে দেৱীৰ আশীষ বিচাৰি আহে।পূজাৰ অন্তত নিৰ্মালি , ফোঁট , পদজল আদি প্ৰদান কৰা হয় ।
সৰস্বতী পূজাত পূজাৰ প্ৰসাদৰ উপৰিও বিশেষ আহাৰ যেনে…খিচিৰি , পায়স , মিঠাই আদিৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়িত্ৰী , অভিভাৱক সকলোৱে মিলি সামূহিক ভাৱে আহাৰ গ্ৰহণ কৰে।
সৰস্বতী পূজা সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ হ’লেও ইয়াত সকলো ধৰ্মাৱলম্বীৰ ছাত্ৰ – ছাত্ৰী য়ে অংশ গ্ৰহণ কৰি মিলা – প্ৰীতি আৰু ভ্ৰাতৃত্ত্ববোধৰ এক নতুন আদৰ্শ প্ৰতিষ্ঠা কৰে। তদুপৰি ছাত্ৰ – ছাত্ৰী সকলৰ মাজত ই আনন্দ প্ৰদান কৰে আৰু তেওঁলোকৰ মাজত নেতৃত্বৰ চেতনাই গঢ় লৈ উঠে।
গতিকে সৰস্বতী পূজা ছাত্ৰ – ছাত্ৰী সকলৰ এক আনন্দৰ উৎসৱ ।

হিমাদ্রী বৰকটকী
শিৱনগৰ , ২ং উপপথ
নগাঁও