সৰস্বতী পূজা
নমো নমো বাগদেৱী নমস্তে তাৰিণী |
তুষ্ট হোৱা জগতমাতা দাসীৰে সমন্ধী ||
বিদ্যাৰূপে শব্দৰূপে আছা জগততে |
বাক্যৰূপে তুমি দেৱী ব্ৰহ্মাণ্ড ভিতৰে ||
বাগদেৱী বীণাপাণি তুমি নাৰায়ণী |
ত্ৰিজগতক ৰাখি আছা তুমি সৰস্বতী ||
আজি মাঘ মাহৰ শুক্লা পঞ্চমী তিথি | এই দিনটোতে অতীজৰে পৰা জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইক জ্ঞানৰ পোহৰে জগত উজ্বলাই তোলাৰ অৰ্থে নৰগণে ধূপ – ধূনা -নৈবেদ্যৰে পূজা পাঠ কৰি আহিছে | আজি এই পূজা খুব ধুম ধামেৰে উদযাপন কৰা দেখিবলৈ পোৱা যায় |
সৰস্বতী পূজা বুলিলে সকলোৰে মন আনন্দিত হৈ উঠে | কাৰণ কেৱল এই পূজাতেই সৰু – ডাঙৰ সকলোৱে ছোৱালীয়েই মেখেলা – চাদৰ পিন্ধি খুব ভাব – ভক্তিৰে জ্ঞান লাভৰ অৰ্থে পুৱাৰ পৰাই ব্যস্ত হৈ পৰে | আমিও সৰুতে খুব সোনকালে উঠি ঘৰ পৰিষ্কাৰ কৰি ফুল আৰু বগৰী সংগ্ৰহ কৰি লও | এই পূজাত কেৱল বগা বস্তুহে দিয়া হয় | সেয়ে আমি বন্তি – ধূপ -ধূনা বগা ফুল লৈ পুষ্পাঞ্জলী দি প্ৰাৰ্থনা কৰো | তেতিয়া আমি কোনো জাকজমক কাপোৰ নিপিন্ধিছিলো | সৰস্বতী দেৱী অসন্তুষ্ট হ’লে যে পঢ়িব নোৱাৰিম বুলি ভাবি | সেয়ে পূজা আছিল অনাম্বৰপূৰ্ণ আৰু ধৰ্মীয় নীতি সন্মত |
কিন্তু এতিয়া সৰস্বতী পূজা বুলি ক’লে আগৰ সেই ভাৱ – ভক্তিৰ ঠাইত সাজ পোচাকেৰে সজ্জিত হৈ সৌন্দৰ্য প্ৰতিযোগিতালৈ হে সলনি হৈ পৰিল | আমি জানো যে প্ৰথম অৱস্থাত কালিদাস এজন মহা মূৰ্খ ব্যক্তি আছিল | এই সুযোগতে কেইজন মান জ্ঞানী লোকে নিজ স্বাৰ্থ পূৰণৰ অৰ্থে কালিদাসক নি এগৰাকী বিজ্ঞ ৰাজকুমাৰীৰ লগত বিবাহ সম্পন্ন কৰি দিছিল | বিয়াৰ পিছত যেতিয়া ৰাজকুমাৰীয়ে কালিদাসৰ প্ৰকৃত পৰিচয় জানিব পাৰিলে তেতিয়া ৰাজকুমাৰীৰ খুব দুখ লাগিল আৰু কালিদাসক বহুতো তিৰষ্কাৰ কৰি জ্ঞান লাভ নকৰালৈকে ৰাজকুমাৰীৰ আগত দেখা দিবলৈ মানা কৰি ঘৰৰ পৰা উলিয়াই দিলে | মনৰ দুখত কালিদাসে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীক একান্ত মনেৰে আৰাধনা কৰিবলৈ ধৰিলে | এদিন দেৱী সন্তুষ্ট হৈ বৰ দি ক’লে যে ‘ আজিৰ পৰা তুমি মোৰ বৰপুত্ৰ আৰু এজন বিদগ্ধ পণ্ডিত ৰূপে জগতত চিৰপৰিচিত হ’বা | তেতিয়াৰে পৰা কালিদাস এজন বিদগ্ধ পণ্ডিত ৰূপে জনাজাত হৈ পৰিল | সেয়েহে আহক আজি আমি সকলোৱে মিলি পুনৰ এবাৰ আই সৰস্বতী দেৱীক আৰাধনা কৰো যাতে দেৱী শক্তিয়ে আমাক সুবুদ্ধি আৰু সুজ্ঞানেৰে এখন সুষ্ঠ সমাজ গঢ়িব পাাৰো |
মঞ্জুষা শৰ্মা