স্মৃতি মান্ধানাই দ্বিতীয়বাৰৰ বাবে আইচিচি মহিলা ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটা লাভ কৰে

p.c. India today

স্মৃতি মান্ধানাই দ্বিতীয়বাৰৰ বাবে আইচিচি মহিলা ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটা লাভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত মহিলা বেটছমেন স্মৃতি মান্ধানাই ২০২১ চনৰ আইচিচি মহিলা ক্ৰিকেটাৰ অফ দা ইয়েৰ হোৱাৰ বাবে ৰাচেল হেইহো-ফ্লিণ্ট বঁটা( Rachael Heyhoe-Flint Award) লাভ কৰিছে। ২৫ বছৰীয়া মান্ধানাই ২০২১ চনত ২২ খন আন্তঃৰাষ্ট্ৰীয় মেচত এটা শতক আৰু পাঁচটা অৰ্ধশতকৰ সৈতে ৩৮.৮৬ গড়ে ৮৫৫ ৰাণ সংগ্ৰহ কৰিছিল। এয়া হৈছে মান্ধানাৰ দ্বিতীয় ৰাচেল হেইহো-ফ্লিণ্ট বঁটা( Rachael Heyhoe-Flint Award), লগতে তেওঁ 2018 ৰ বাবে বঁটা লাভ কৰিছে।