স্মাৰ্ট মিটাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ

স্মাৰ্ট মিটাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রিপেইড স্মার্ট মিটাৰ ব্যৱস্থা প্ৰৰ্ৱতনৰ বিৰুদ্ধে শিলচৰৰ ৰাজপথত ক্ষোভৰ ঢৌ সৃষ্টি হয়। অল আছাম ইলেকট্রিচিটি কনজিউমার্চ এছোছিয়েনৰ কাছাৰ জিলা কমিটিৰ আহ্বান প্ৰতি সঁহাৰি জনাই আজি শিলচৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু নাগৰিক সংগঠনৰ প্ৰায় পাঁচ শতাধিক নাগৰিকে বেলা দিনৰ ১১ বজাত শিলচৰৰ ক্ষুদিৰাম মূর্তিৰ পাদদেশত সমবেত হয়। সংগঠনৰ পক্ষৰ পৰা নাগৰিক সমদল সংগঠিত কৰাৰ প্রশাসনিক অনুমতি বিচাৰি যোৱা ৬ মে তাৰিখে কাছাৰ জিলা উপায়ুক্তৰ ওচৰত সংগঠনৰ পক্ষৰ পৰা আৱেদন জনোৱা সত্ত্বেও অনুমতি দিয়াৰ ক্ষেত্ৰত নানা ধৰণৰ টালবাহানা কৰা হয়। আজি দুপৰীয়া ১২.১৫ মিনিট লৈকে প্ৰশাসনে অনুমতি বিচাৰি সংগঠনৰ পক্ষৰ পৰা পুলিচ চুপাৰিনটেনডেন্ট আৰু জিলাশাসকৰ কার্যালয়ত দৌড়াদৌড়ি কৰি থকাৰ পাছতো আবেদন পত্ৰখন বিচাৰি নোপোৱাৰ অজুহাত দেখুৱাই কাৰ্যসূচী ৰূপায়ন কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। ফলত চহৰৰ বিশিষ্ট বয়োজ্যেষ্ঠ নাগৰিকসকল দীর্ঘক্ষণ ধৰি থিয় হৈ থাকি অতিষ্ঠ হৈ পৰে। অবশেষত সংগঠনৰ অসম ৰাজ্যিক কমিটিৰ আহ্বায়ক অজয় আচাৰ্যই উপস্থিত জনগণৰ সন্মুখত সংক্ষিপ্ত বক্তব্য দাঙি ধৰি কয় যে, দেশৰ কর্পোৰেট প্রভুসকলৰ পৰামর্শ মানিলৈ বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণৰ স্বার্থত প্রিপেইড স্মার্ট মিটাৰ ব্যৱস্থা চালু কৰা হৈছে। এই ব্যবস্থাত সাধাৰণ গ্ৰাহকসকল সর্বস্বান্ত হ’ব আৰু বিদ্যুৎ বিতৰণ কোম্পানীসমূহে মুনাফা লুণ্ঠন কৰিব। তেওঁ কয় যে এপিডিচিএল যদিও বর্তমানে অসম চৰকাৰৰ অধীনত এটি বিদ্যুৎ বিতৰণ কোম্পানী হিচাপে কাম কৰি আছে কিন্তু ভবিষ্যতে সেয়া ব্যাক্তিগত খণ্ডত গুছি যাব । বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণ সহজ কৰাৰ লক্ষ্যে প্রিপেইড স্মার্ট মিটাৰ প্রতিস্থাপনৰ নির্দেশ দিয়া হৈছে। চৰকাৰৰ হাতত বিদ্যুৎ বিতৰণ ব্যৱস্থা নাথাকিলে ইচ্ছামতে বিদ্যুতৰ দাম বৃদ্ধি পাব।তাৰোপৰি জনগণৰ নানা অভাব অভিযোগ জনোৱাৰ কোনো সুযোগ নাথাকিব। তেওঁ আৰু কয় যে, প্রিপেইড স্মার্ট মিটাৰ ব্যৱস্থা চালু কৰাৰ পাছৰেই পৰা সমগ্ৰ ৰাজ্যত যি হাৰত বিদ্যুৎ মাচুল বৃদ্ধি পাইছে তাত ভবিষ্যতে কী হব সেয়া স্পষ্ট হৈ গৈছে। আন্দোলনস্থলীত উপস্থিত থাকে শিলচৰ চহৰৰ বিভিন্ন সংগঠন আৰু বিশিষ্ট নাগৰিকসকল , যথাক্রমে নাগৰিক স্বার্থ ৰক্ষা সংগ্রাম পৰিষদৰ পক্ষৰ পৰা প্রাক্তন শিক্ষিকা গৌৰী দত্ত বিশ্বাস, প্রাক্তন অধ্যক্ষ দীপঙ্কৰ চন্দ, বিডিএফ সভাপতি প্রদীপ দত্ত ৰায়, সি আৰ পি চি’ৰ সম্পাদক প্রধান সাধন পুৰকায়স্হ, সি আৰ পি চি চি’ৰ সাধাৰণ সম্পাদক কিশোৰ ভট্টাচার্য, সম্মিলিত সাংস্কৃতিক মঞ্চৰ সাধাৰণ সম্পাদক আইনজীবী অজয় রায়, ফোৰাম ফৰ চচিয়েল হাৰমনি’ৰ মানস দাস, অৰিন্দম দেব, সি পি আই এম এল লিবাৰেচন’ৰ জিলা সম্পাদক হায়দৰ হুছেইন চৌধুৰী, ইয়াচি’ৰ সভাপতি সঞ্জীব ৰায়, নাগরিক অধিকাৰ ৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রাক্তন পৌৰ কমিছনাৰ অতনু ভট্টাচার্য, বিশিষ্ট শিক্ষিকা বনানী ভট্টাচার্য, জিলা বাৰ এছোছিয়েচন’ৰ জ্যোতিপ্ৰকাশ ভট্টাচার্য, এ আই ডি এছ অ’ৰ স্বাগতা ভট্টাচার্য, গৌৰ চন্দ্র দাস, এ আই ডি ওয়াই অ’ৰ বিজিত কুমাৰ সিংহ, পৰিতোষ ভট্টাচার্য, কোৰাচ সাংস্কৃতিক সংস্থাৰ বিশ্বজিত দাস, নাৰী মুক্তি সংস্থাৰ নেত্রী স্নিগ্ধা নাথ, লেখিকা আদিমা মজুমদাৰ, ইলেকট্রিকেল এম্প্লোয়িজ,  ইঞ্জিনিয়ারচ আৰু পেনশনাৰ্চ এছোছিয়েচন’ৰ নির্মল কুমাৰ দাস, সমাজকর্মী আশু পাল, হানিফ আহমেদ বড়ভূঁইয়া, কনক পাল, সুকল্পা দত্ত, মধুমিতা দেব, সুব্রত চন্দ্র নাথ, অধ্যাপক অজয় রায়, মাধব ঘোষ, সীমান্ত ভট্টাচার্য, বিজয়া কৰ, জয়দীপ ভট্টাচার্য, অঞ্জন কুমাৰ চন্দ, ঋষিকেশ দে, চাম্পালাল দাস, দিলীপ নাথ, খাদেজা বেগম লস্কৰ প্রমুখ । এই বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত পুলিচ প্রশাসনৰ অনুমতি বাদ দি প্রতিবাদ কার্যসূচী পালন কৰা নাযাব বুলি বাৰংবাৰ বাধা দানৰ চেষ্টা কৰাৰ পিছত সকলোৱে মিলি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। তাতে ও মহিলা পুলিচৰ অনুপস্থিতিত পুরুষ পুলিচসকলে মহিলাসক।লৰ হাতত থকা বেনাৰ ধৰি টনা আজোৰা কৰি লৈ যাবলৈ বল প্রয়োগ কৰিলে কেইজনমান আন্দোলনকাৰী আঘাতপ্ৰাপ্ত হয়। পৰবর্তীসময়ত উল্লেখিত সংগঠনসমূহৰ লগতে ক্লাছমেট ইউনিয়ন, বিজয়ী সংঘ, কল্লোল সংঘ, আম আদমী পাৰ্টি আৰু বহুতো ব্যবসায়ীক আৰু সামাজিক সংগঠনৰ প্রতিনিধিসকলে নিজৰ নিজৰ বেনাৰ হাতত লৈ আগুৱাই গৈ চেন্ট্রাল ৰোড, নাহাটা পইন্ট, জানিগঞ্জ হৈ জিলাশাসকৰ কার্যালয়ৰ সন্মুখত আহি দীর্ঘক্ষণ ধৰি বিক্ষোভ প্রদর্শন কৰে। বিক্ষোভ চলাকালীন সময়ত তাত বক্তব্য ৰাখে সংগঠনৰ জিলা সভাপতি মন্মথ নাথ, অৰিন্দম দেব, জ্যোতিপ্ৰকাশ ভট্টাচার্য, অতনু ভট্টাচার্য, আতৰজান বেগম মজুমদাৰ , স্নিগ্ধা নাথ, নির্মল কুমাৰ দাস প্রমখ।পিছত মুখ্যমন্ত্রীৰ উদ্দেশ্যে এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰা হয়৷