স্ব-নিৰ্বাসন- শিখা গোস্বামী মহন্ত

Pc Unsplash

স্ব-নিৰ্বাসন

অৰণ্যৰ গভীৰৰ পৰা উজাই অহা আৰ্তনাদ
পোহৰ অণ্বেষী সূৰ্যমুখী
চকুৰ মণিতো হেৰাই চিনাকী নজৰ
এন্ধাৰক গাঁত এটা খান্দি পুতি থব নোৱাৰি

মই কোনোদিনে নিজক বিচাৰি ফুৰা নাছিলোঁ…

এদিন শাৰী শাৰী গছে আৱৰা এছোৱা পথত
চৰাইৰ এবাহ কণী ভাগি হালধীয়া স্ৰোত বোৱা দেখিছিলো
শুনিছিলো ক্ৰন্দসী চৰাইৰ আতুৰ মাত
সেই সন্ধিয়াই কোনে জানো বৰ কৰুণ কৈ
“পাৱে পৰি হৰি” গাইছিল…

তেতিয়াৰ পৰাই আইনাত
নিজৰ চকুত চকু থলে কোনো সময়ত
বাজি উঠিছিল এখন বিষাদ বেহেলা
ৰাতি ৰাতি মোক ধনগুলৈৰ জুয়ে খেদিছিল
বাঢ়ি আহিছিল চকুৰ তলত ক’লা এডাল ৰেখা

পৰুৱাই পোৱা মানুহৰ দৰে
টোপনিতো হাতত মন্ত্ৰপুত এমুঠি সৰিয়হ লৈ
হিচাপ কৰিবলৈ লৈছিলো ঘড়ীৰ ঘন্টা
মোৰ চৌপাশে অশৰীৰী আত্মীয়ৰ স্নেহময়ী ছায়া
হাতৰ মুঠিৰে সৰকি শেষ হয় গুটিবোৰ
বাঢ়ি আহে অৱসাদ

মই তথাগতক বিচাৰি ফুৰিবলৈ ধৰোঁ
আৰম্ভ হয় এক নতুন যাত্ৰা ক্ৰমে নিজৰ পৰা নিজৰ ভিতৰলৈ

হঠাৎ অমিতাভ এক জ্যোতিয়ে
তেওঁলৈ প্ৰসাৰিত উদং দুহাত মোৰ
মুঠি মাৰি বাট বুলিলে নিৰৱতালৈ

হাতৰ মুঠিত আবদ্ধ মখমলী সুখানুভৱ
মই হাতৰ মুঠি খুলি দিলোঁ
সাউকতকৈ উৰি গ’ল এটি সোণালী পখিলা…

হেৰুৱাবলৈ মোৰ একোৱেই নাছিল নিজা…

শিখা গোস্বামী মহন্ত