স্বৰ্ণলতা গোস্বামীলৈ আদ্য শ্ৰাদ্ধ উপলক্ষে শ্ৰদ্ধাঞ্জলি -অঞ্জু শাণ্ডিল্য

স্বৰ্ণলতা গোস্বামীলৈ আদ্য শ্ৰাদ্ধ উপলক্ষে শ্ৰদ্ধাঞ্জলি 

অঞ্জু শাণ্ডিল্য

১৯৯০চন মানৰপৰা মানুহ গৰাকীক লগ পাই আহিছো ।আমাৰ সৰু পেহীৰ কনিষ্ঠ পুত্ৰ দীপক কুমাৰ গোস্বামীয়ে তেখেতৰ বৰ জীয়ৰী হীৰামণি(জোন)গোস্বামীক বিয়া কৰাইছে।আমি গুৱাহাটীলৈ বিয়া অহাৰ পাছত মানুহ গৰাকীক দীপকদাহতৰ ঘৰত পতা অনুষ্ঠানলৈ গ’লে প্ৰায়ে লগ পাইছিলো ।’অঞ্জু আহিছা’বুলি মুখত এটা মিঠা হাহিলৈ কুশল-বাৰ্তা সুধিছিল।সাদৰী মানুহ গৰাকী দেখাতো সুনদৰ ।পৰিপাটি-মাৰ্জিত সাজ-পাৰ(মেখেলা -চাদৰ)পৰিহিতা মানুহ গৰাকী দেখি মন ভৰি পৰিছিল ।যোৱা ২৪মাৰ্চত দীপকদা-জোনবৌয়ে নতুনকৈ লোৱা ফ্লেটত আকৌ মানুহ গৰাকীক লগ পাইছিলো ।বয়স,অসুখ হ’লেও মুখৰ মিঠা হাঁহিটো ম্লান পৰা নাছিল ।আৰু সেই বয়সতো মানুহ গৰাকীক অপূৰ্ব সুনদৰ লাগিছিল ।তাতে আকৌ নামটোও স্বৰ্ণ লতা।ভবা নাছিলো সেই দেখাই শেষ দেখা হ’ব! মাত্ৰ ছমাহ সম্পূৰ্ণ হোৱাৰ দিনা অৰ্থাৎ যোৱা ২৪ছেপ্তেম্বৰৰ পুৱতি নিশাত কোনোদিনে উভতি নহা বাটেৰে একেবাৰেই গুছি গ’ল।গুৱাহাটীৰ ৰাজগড়ৰ লাচিত নগৰত বাস কৰা মানুহ গৰাকীক সকলোৱে ভাল পাইছিল ।মানুহ গৰাকীৰ মৃত্যুমুখত পৰা খবৰ পাই আত্মীয় -সজ্বন শোকাভিভূত হৈ পৰে ।জী জোৱাই,পুত্ৰ বোৱাৰী নাতি নাতিনীক শোক সাগৰত পেলাই থৈ যোৱা স্বৰ্ণ লতা গোস্বামীৰ আজি আদ্য শ্ৰাদ্ধ ।আমাৰ সৈতে তেখেতৰ তেজ-মঙহৰ সম্পৰ্ক নাছিল; কিন্তু আন্তৰিক, আত্মিক সম্পৰ্ক।বাৰে বাৰে চকুৰ আগত ভাহি উঠিছ হাহিমুখীয়া সুনদৰ মুখখন।পৰিয়ালৰ সকলোলৈকে সমবেদনা জনাইছো ।আদ্য শ্ৰাদ্ধ উপলক্ষে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক ।