স্বেচ্ছাসেৱী সংগঠন “মাজুলীৰ সাহিত্য”ৰ উদ্যোগত মাজুলীত সঞ্জয় ঘোষৰ স্মৃতি দিৱস ; ‘দ্বীপালোক’ ৰ একত্ৰ সংকলন উন্মোচনঃ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- “সঞ্জয় ঘোষ” , মাজুলীবাসীৰ এক আবেগৰ নাম। সেইগৰাকী সমাজকৰ্মীৰ মৃত্যুৰ ২৭ বছৰৰ পিছত প্ৰথমবাৰলৈ শণিবাৰে শ্ৰদ্ধাৰে এক সোঁৱৰণী অনুষ্ঠান মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। নদীদ্বীপ মাজুলীৰ মাজ মজিয়াত অৱস্থিত গড়মূৰত প্ৰত্নতাত্বিক দিলীপ কুমাৰ ফুকনে আৰু শিক্ষক ডিম্বেশ্বৰ ভূঞাই ৰোমণ্ঠন কৰে সেইগৰাকী মহান সমাজকৰ্মীৰ আদৰ্শ আৰু ত্যাগক। স্বেচ্ছাসেৱী সংগঠন ” মাজুলীৰ সাহিত্য” ৰ উদ্যোগত প্ৰথমবাৰলৈ আয়োজন কৰা ” প্ৰয়াত সঞ্জয় ঘোষৰ জন্ম দিৱসত নদীদ্বীপ মাজুলীৰ বিশ্বমুখী যাত্ৰাৰ অন্যতম উদ্বোধক গৰাকীক নৱ প্ৰজন্মৰ সন্মুখত চিনাকী কৰাবলৈ প্ৰয়াস কৰা হয় । উল্লেখযোগ্য, সমাজকৰ্মী গৰাকীয়ে পৃথিবীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি “এভাৰ্ড এন. ই. ” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ যোগেদি মাজুলীৰ বুকুত খোজ দি দেখিছিল মাজুলীৰ সম্মোহণৰূপ। খাতি খোৱা মাজুলীবাসীৰ সৰল গ্ৰাম্য জীৱনক হৃদয়ত ধাৰণ কৰি ক্ষয়িষ্ণু আৰু বানাক্ৰান্ত মাজুলীৰ স্বায়ী সুৰক্ষাৰ সংকল্পৰে বিশ্ববাসীক জাগ্ৰত কৰিছিল ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মাজুলীৰ ঐতিহ্যময় শোভা প্ৰচাৰ কৰি। বিশ্ববাসীৰ সমুখত মাজুলীক দাঙি ধৰি বিশ্ব ঐতিহ্যৰ মৰ্যাদা প্ৰদানৰ লক্ষ্যৰে মাজুলীবাসীৰ সৈতে মিলি যোৱা সঞ্জয় ঘোষক বিপ্লৱীৰ বলিশালত বলি দিলে আজিৰ পৰা ২৭ বছৰৰ পূৰ্বে অৰ্থাৎ ১৯৯৭ চনত । সেইবছৰৰ অভিশপ্ত ৪ জুলাই তাৰিখটোত অজ্ঞাত ব্যক্তিয়ে অপহৰণ কৰি নিয়া সঞ্জয় ঘোষ আৰু ঘুৰি নাহিল। বিশ্ব সভাত বাৰুকৈয়ে নিন্দিত হৈছিল মাজুলী । তেনে এক জঘন্য কাণ্ডৰ পাছত নজীৰ ৰখা কৈ প্ৰতিবাদ আৰু সেই মহান ত্যাগী জনৰ ত্যাগক সোঁৱৰণী কৰাতো আজিধৰি থমকি ৰৈ গ’ল মাজুলীবাসী। সেয়ে, বহু পলমকৈ হ’লেও স্বেচ্ছাসেৱী সংগঠন ʼমাজুলীৰ সাহিত্যʼই ৭ ডিচেম্বৰৰ জন্ম তাৰিখটোতে সঞ্জয় ঘোষৰ স্মৃতি চাৰণ কৰাৰ লগতে তেখেতৰ মানসপুত্ৰ স্বৰূপ বাৰ্তালোচনী “দ্বীপালোক”ৰ একত্ৰ সংকলন প্ৰকাশ কৰে। “মাজুলীৰ সাহিত্য” সভাপতি কমল দত্তৰ সঞ্চালনাত বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে মাজুলী সাহিত্যৰ সম্পাদক গোবিন কুমাৰ খাউণ্ডে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেণুমালা দত্তই । অনুষ্ঠানত ” দ্বীপালোক” ৰ একত্ৰ সংকলন উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন ঠাকুৰীয়াই । সভাখনিত বিশিষ্ট প্ৰত্নতত্ববিদ, উজনি মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কুমাৰ ফুকন, মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ আনন্দ হাজৰিকা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা আৰতি বৰা, মিনতি শইকীয়া,মাজুলী মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়া, বিশিষ্ট সমাজকৰ্মী যুগল হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক ভবেন কাকতি,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ডলী বৰুৱা, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ডিম্বেশ্বৰ ভুঞা, যাদৱ বৰা,ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়া, দ্বীপ ভূঞা, অনিল পামেগাম, বৰ্ণালী ভূঞা জোনাকী জাতীয় বিদ্যালয়ৰ শিক্ষক, যুৱ লিখক ভৱানন্দ হাজৰিকাই অংশগ্ৰহণ কৰি সঞ্জয় ঘোষৰ লক্ষ্য আৰু আদৰ্শৰ বিষয়ত বক্তৃতা প্ৰদান কৰে । সভাত “মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ” নামৰ গ্ৰন্থৰ লিখক গোবিন কুমাৰ খাউণ্ডে শলাগ জ্ঞাপন কৰে। অনুষ্ঠানত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পঞ্চাছ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।