স্বেচ্ছাসেৱী সংগঠন আয়াং ট্ৰাষ্টৰ আলোচনী উন্মোচন

স্বেচ্ছাসেৱী সংগঠন আয়াং ট্ৰাষ্টৰ আলোচনী উন্মোচন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ সমাদৃত স্বেচ্ছাসেৱী সংগঠন আয়াং ট্ৰাষ্ট, মাজুলীৰ সামূহিক পুথিভঁৰালৰ ছমহীয়া আলোচনী “কল্লোল” ৰ শুভ উন্মোচনী অনুষ্ঠানটিত আজি সম্পন্ন হৈ যায়। বিশিষ্ট মহিলা নেত্ৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী, মাজুলী জিলা লেখিকা সমাৰোহ প্ৰতিষ্ঠাপক সভানেত্ৰী মিনতি শইকীয়াই আলোচনীখনৰ শুভ উন্মোচন কৰি তেখেতে কয় যে এই আলোচনীখন মাজুলীৰ পুথিভঁৰালৰ ইতিহাসত এখন উল্লেখযোগ্য দলিল হৈ ৰ’ব। অসমৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশন পাহি-পৰী প্ৰকাশৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখনৰ  উন্মোচনী অনুষ্ঠানত দ্বিভাষিক আলোচনী মাজুলীত কবিতা’ ৰ প্ৰতিষ্ঠাপক সম্পাদক, গ্ৰন্থ প্ৰকাশক, সংগঠক জয়ন্ত হাজৰিকাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে, আয়াং ট্ৰাষ্টৰ দ্বাৰা মাজুলীত ইতিমধ্যে চল্লিশটা গ্ৰাম্য পুথিভঁৰাল পৰিকল্পিতভাৱে প্ৰতিষ্ঠা কৰা কাৰ্য্যটি ইমান সৰু কাম নহয়। তদুপৰিএই পুথিভঁৰালক কেন্দ্ৰ কৰি গঢ়ি উঠা গ্ৰন্থ সংস্কৃতি আৰু আলোচনী প্ৰকাশ হোৱা দিশটি অতি ধনাত্মক কাৰ্য হৈছে। তেখেতে আৰু কয় যে মাজুলীত ইতিমধ্যে গৰিষ্ঠসংখ্যক গাঁৱত গাঁৱলীয়া পুথিভঁৰালৰ প্ৰতিষ্ঠা আৰু চৰকাৰী সাহাৰ্য লাভো হৈছিল যদিও ইয়াৰ আশী শতাংশ পুথিভঁৰাল অধুনালুপ্ত হৈছে। এয়া দুখৰ সংবাদ। ইয়াৰ আওতাত আয়াং ট্ৰাষ্টৰ চল্লিশটা পুথিভঁৰালৰ নিৰ্মাণে নতুন পোহৰ প্ৰদান কৰিছে। কিন্তু , এই পুথিভঁৰালসমূহক কেন্দ্ৰ কৰি একোখন মানবিশিষ্ট পৰিচালনা সমিতি সংগঠিতৰূপত বৰ্তি নাথাকিলে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া হ’ব। সেয়ে অতি সচেতনভাৱে সকলোৱে আগবঢ়া উচিত। প্ৰাকৃতিস নৈসৰ্গিক শোভাৰে সৌন্দৰ্য্যময় মাজুলীৰ আয়াং উকুমত আয়োজন কৰা উন্মোচনী  অনুষ্ঠানত হামিংবাৰ্ড বিদ্যালয়ৰ অধ্যক্ষ, আয়াং ট্ৰাষ্টৰ সঞ্চালক, বিশিষ্ট সংগঠক বিপিন ধানে কয় যে অসমত প্ৰতি গাঁৱে গাঁৱে একোটিকৈ পবিত্ৰ নামঘৰ থকাৰ দৰে মাজুলীৰ প্ৰতিখন গাঁৱত একোটিকৈ পুথিভঁৰাল গঢ়ি তোলা আৰু ইয়াৰ দ্বাৰা কিতাপ পঢ়াৰ এটা উন্নত পৰিবেশ সৃষ্টি কৰাৰ অভিলাষ আছে। সকলোৱে সহযোগিতা আগবঢ়ালে এদিন এয়া সম্ভৱ হৈ উঠিব বুলি তেখেতে আশা প্ৰকাশ কৰে। টিএমপিকে মাজুলী জিলা সমিতিৰ শিক্ষা সম্পাদক, নেতা উত্তম নৰহে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই। সম্প্ৰতি টিভি, মোবাইলে গ্ৰন্থ সংস্কৃতিত আঘাত হানিছে যদিও এদিন সকলো গ্ৰন্থৰ পৃথিৱীলৈ ঘূৰি আহিব লাগিব। তেখেতে মাজুলী জিলা টিএমপিকে পৰা এই ক্ষেত্ৰত যথাসাধ্য সহায় আগবঢ়োৱা হ’ব বুলিও বক্তব্য প্ৰদান কৰে। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত স্থানীয় বিশিষ্ট লোকসকলৰ লগতে আয়াং ট্ৰাষ্ট পৰিয়াল, সামূহিক পুথিভঁৰাল পৰিয়ালৰ লগতে বিশিষ্ট সংগঠকসকল আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।