স্বাধীন ভাৰতৰ নাগৰিক আমি
ছেলিমা বেগম
নগাঁও
স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক আমি ,
ইতিহাসৰ পাতত লিখা আছে
আজি স্বাধীন দেশৰ নাগৰিক।
হিন্দু,মুছলমান ,জৈন, খ্ৰীষ্টান
সকলো স্বাধীন দেশৰ নাগৰিক ।
শ্বহীদ সকলৰ কেঁচা তেজৰ গোন্ধ
আজিও লাগি আছে নাকত।
স্বাধীনতা দিৱসৰ দিনা
পুৱাই উৰিব জাতীয় পতাকা
ভাৰতৰ বিভিন্ন প্ৰান্তত ,
ঘৰে ঘৰে উৰিব পতাকা ।
প্ৰতিগৰাকী শ্বহীদ সকলৰ
আত্মাই শান্তি লাভ কৰিব ।
দুৰ্নীতি বোৰ নাইকীয়া হৈ
দেশত শান্তি আহিব ,
আমি গৌৰৱেৰে থাকিম
স্বাধীন দেশৰ নাগৰিক হৈ।
গাই যাম আমি স্বাধীনতাৰ
গান স্বাধীন মনে ,
তিনি বৰণীয়া জাতীয় পতাকাৰ
তলত শপত লৈ গাই যাম আমি
“জন গণ মন অধিনায়ক জয় হে”
হে স্বাধীন দেশৰ মানুহ শত কোটি
প্ৰণাম জনালোঁ ।
বৃটিছক খেদি আমি হৈছোঁ
ভাৰতবাসী স্বাধীন ।
স্বাধীন ভাৰতৰ স্বাধীন
দেশৰ নাগৰিক হৈ ভাৰতবৰ্ষৰ
সকলো জনগোষ্ঠীক জনালোঁ
৭৮ তম স্বাধীনতাৰ শুভেচ্ছা
জয় হিন্দ!