স্বাধীন দেশৰ নাৰী সকল প্ৰকৃততে স্বাধীন নে?
অনামিকা (সংগীতা )কলিতা,শুৱালকুছি
১৯০৮ চনত নিউয়ৰ্ক চহৰত সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটলিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুস্থিত কৰা হৈছিল।১৯১০চনত দ্বিতীয় বাৰো অনুষ্ঠিত হয় সেইবাৰ প্ৰতি বছৰে ৮মাৰ্চ নাৰী দিৱস হিচাপে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱাৰ পিছত গোটেই বিশ্বতে ৮মাৰ্চতে পালন কৰি আহিছে।
নাৰী দিৱসে পালন কৰিলেও প্ৰকৃত অৰ্থত স্বাধীনতা পোৱা নাই নাৰী সকলে। একবিংশ শতিকাত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত পৃথিৱীৰ গোটেই বোৰ স্বাধীন দেশৰ উন্নতি হৈছে। সকলোৱে নিজৰ স্বাধীনতা উপভোগ কৰিব পাৰিছে কিন্তু নাৰী সকলে এতিয়াও সঠিক ৰূপ পোৱা নাই ।
স্বাধীন দেশৰ আমি নাৰী সকলে এতিয়াও পৰাধীন। ল’ৰাজন ঘৰৰ পৰা ফুৰিব বা বিভিন্ন সংক্ৰান্তত ওলাই গ’লে আমি অভিভাৱক সকলে কোনো প্ৰশ্ন নকৰো , কিন্তু ছোৱালীজনী যদি ওলাই যায় আমি ক’ত যাব,কেতিয়া আহিব,কিয় যায়? আদি সকলো জানিব বিচাৰোঁ!এয়া আমাৰ ছোৱালী জনীৰ সুৰক্ষাৰ কাৰণে সুধিব লগীয়া হয়।সিহঁতে অলপ দুখ অনুভৱ কৰে কিন্তু অভিভাৱক সুধিবলৈ বাধ্য হয় কাৰণ ছোৱালীজনী বিপদ মুক্ত নহয় বাহিৰৰ এচাম মানুহ নামৰ দানৱ কাৰণে। গতিকে নাৰীৰ স্বাধীনতা ক’ত থাকিল!
বৰ্তমান ধৰ্মীয় সমাজব্যৱস্থা বা বিভিন্ন ক্ষেত্ৰত হওক আমাৰ নাৰী সকলৰ ওপৰতে সকলো নীতি-নিয়মৰ তালিকাখন অন্তৰ্ভূক্ত হয়,পুৰুষৰ ক্ষেত্ৰত তেনে নহয়। এগৰাকী নাৰী নিশা অকলে অহা সম্ভৱ নহয় ।স্বাধীন দেশ হ’লেও নাৰী সুৰক্ষিত নহয় কিন্তু পুৰুষৰ ক্ষেত্ৰত তেনে নহয়।
গতিকে ফঁহিয়াই চালে কেৰোণ বহুত ওলাব । আমি নাৰী স্বাধীন দেশৰ কিন্তু পৰাধীন নাগৰিক বিভিন্ন দিশত। উদাহৰ বহুত আছে দিব লাগিলে এখন ডাঙৰ তালিকা দিব লাগিব —-